পিতৃ এক কল্পদ্ৰুম- ৰাজীৱ মহন্ত

©Admin
0
দুহাতৰে  কষ্ট কৰি
সুখ বিচাৰি আনে,
নিজে খালি পেট হ'লেও
সন্তানক দুমুঠি যাচে।

সন্তানৰ দুখত দুখ কৰে
সন্তানৰ সুখত সুখ,
সকলো অভাৱ পুৰ কৰে
পিতৃ কল্পদ্ৰুম।

পিতৃৰ ভৰিত চিঙা চেণ্ডেল
সন্তানক মহঙা যাচে।
সন্তানৰ সপোন পুৰন হলেই
পিতৃয়ে আনন্দত হাঁহে।

পিতৃ আমাৰ ৰাজহাড়
পিতৃ পৰমগুৰু,
পিতৃ আমাৰ লাইখুটা
পিতৃ কল্পতৰু।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)