অপেক্ষা-গীতা ৰাণী সিনহা

©Admin
0
তিনিটা শব্দৰ সমাহাৰ অপেক্ষা।
অপেক্ষাৰ দুৱাৰ দলিত দুলি থাকে  
এক শিহৰণকাৰী অপেক্ষা।
অনুভৱেৰে মকৰা জালত ঘূৰি থাকে
অনূদিত মাদকতা।
তথাপিও চোন মনত ৰোমণ্ঠন হয়
জীৱনৰ আশা, মনৰ অপূৰ্ণ আশা
আৰু অন্তিম ব্যঞ্জনধ্বনি।
জীৱনৰ বাটতে স্মৃতিৰ পৰশ আহে
এই মধুৰ অপেক্ষাৰ মাদকতা।
অপেক্ষাই হৈছে জীৱনৰ সাক্ষী
আৰু মূহুৰ্তৰ অনাবিল আনন্দৰ
সাক্ষী।

◾গীতা ৰাণী সিনহা, গুৱাহাটী বেলতলা, কুন্দিল নগৰ, বশিষ্ঠ চাৰি আলি 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)