অধিকাৰ-সুমন্ত নায়ক

©Admin
0
মই যি ঠাইত জন্ম লৈছোঁ  ,
 সেয়ে মোৰ জন্মভূমি, 
এয়ে মোৰ মাতৃভূমি। 
         
         বহু জাতি,  উপজাতিৰ 
      একতাৰ মিলন ভূমিত ,
      আছে মাথো পূৰ্ণতাৰ আশ্রম। 
ইয়াতকৈ আৰু কতো নাই ।

চিৰ চেনেহী 
সেউজীয়া সোণোৱালী শস্যৰ দেশ 
সোণোৱালী পাহাৰ, পৰ্বত 
এক প্ৰাকৃতিক মনোমোহা পৰিৱেশ। 

        আজি গৌৰৱময়ী  আমি
     নাজানো হিংসা, 
    অহংকাৰ আৰু প্রবঞ্চনাৰ   জাল 
জানো মাথোঁ  

অহিংসা আৰু ভাতৃত্ববোধৰ স্বাভিমান। 

মোৰ জন্মভূমিত 
স্বাধীন দেশৰ অধিকাৰ 
গৰ্ব কৰোতাক জনাও ধিক্কাৰ 
  
নিবিচাৰোঁ কোনো অন্যায় 
অত্যাচাৰ 
মাথোঁ বিচাৰো 
সুখ ,শান্তি 
সমৃদ্ধি আৰু একাগ্ৰতা, 
ঐক্যবদ্ধৰ স্বাভিমান।, 

◾সুমন্ত নায়ক 
মঙ্গলদৈ দৰং অসম। 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)