ৰিব্ ৰিব্ ...বাৰিষাৰ বৰষুণ! চাৰিওফালে কেৱল পানী আৰু পানী, মা ..কেতিয়ালৈকে এইদৰে থাকিম..খাবলৈ কিবা আছে নে? মাকে হাঁহি-মুখেৰে ৫ বছৰীয়া ৰাহুলক চাই ক'লে- বাবা ভাত ৰান্ধিবলৈ ঠাই লাগিব চাৰিওফালে পানী , তুমি এই মিঠাইকেইটাকে খোৱাছোন এইবুলি মাক প্ৰণতিয়ে মিঠাই ভৰাই থোৱা বহল প্লাস্টিকৰ বটল আগবঢ়াই দিলে । পুতেকে মিঠাই খাবলৈ আৰম্ভ কৰিলে । মাতৃ প্ৰণতিৰ মনত দুখ ! এতিয়া মিঠাই দিলোঁ পিছত কি দিম খাবলৈ? তথাপিও মাতৃৰ মুখত পুত্ৰৰ সন্মুখত হাঁহিছে, হাঁহিৰ আঁৰত লুকাই আছে দুখ- যান্ত্ৰনা, জলস্তব্ধ জীৱন ।