জীৱন নাটৰ ভাও -সবিতা দাস

©Admin
0
কোনে জানে 
কাৰ বুকুৰ উমত 
কোন জী আছে 

কোনে জানে
কিহৰ অগ্নিত 
কাৰ কলিজা পুৰিছে 

কোনে জানে 
কি বেদনাত 
কাৰ মনে কান্দিছে 

কোনে জানে
কিহৰ তাড়ণাত 
কোন  জীয়াই আছে 

কোনে জানে
কি সপোনলৈ
কোনে নিশা উজাগৰী থাকে

কোনে জানে 
কাৰ হৃদয়ত
অযুত ব্যথাভৰা  নৈ বৈ থাকে 

কোনে জানে 
নিশাৰ অন্ধকাৰত
কোনে চকুলোৰ মালা গাঁথে 

 সকলোৱে লৈছে 
 জীৱন নাটৰ ভাও 
দুটি ওঁঠত 
পিন্ধি লৈ  হাঁহিৰ মুকুতা
জিলিকাইছে মুখ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)