মেঘালী সপোন- প্ৰিয়ংকা চমুৱা

©Admin
0
সপোনৰ সুহুৰিত
পানচৈ খেপিয়াই
মই তোমাৰ ৰ'দালি মেঘৰ জোন
তুমি দিকচৌ বাটৰ কুৰুৱা বতাহ
তমসাময় বতাহৰ মই
জুয়ে পূৰা সোণ
তুমি চিনাকি পথৰ অচিনাকি বাটৰুৱা 
মই শাওণী মেঘৰ উদাসী জোন
তোমাৰ দুবাহুত মোৰ প্ৰশান্তি জীৱনৰ
এপলক ৰৈ জীৰায় তাতে মোৰ
হেঙুল হাইটাল বুলীয়া জোনাকী সপোন ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)