উকা হৈ থকা আমাৰ
সপোনৰ পথাৰবোৰক
হেঁপাহে সজাই তোলাৰ ।
এয়াই সময় পথাৰত
কৃষকে পৰিশ্ৰম কৰাৰ
ৰোৱনীৰ হাঁহি এচমকা ৰ'দত
চঞ্চলা হৈ জিলিকি উঠাৰ
এয়াইতো সমাগত সময়।
গাঁৱলীয়া মানুহবোৰ এতিয়াই
বোকা মাটি গচকি ভৱিষ্যতৰ
পথাৰখন সোণালী কৰাৰ
অফুৰন্ত শক্তি সঞ্চাৰ কৰা
এয়াইতো সময় নহয় জানো।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ