ৰাতিৰ উচুপনি - ৰুনু শৰ্মা

ৰাতিটোৱে হঠাতে সাৰ পাই উঠিল,
ওচৰেদি বৈ যোৱা নদীখনৰ কথা ভাবি 
কাষৰ আহঁত গছজোপাই
উচুপি উচুপি কান্দি উঠিল, 
মঠাউৰি চিঙা নদীখনৰ কথা ভাবি ,
সেই ৰাতি নদীখনে গছজোপাক
সাৱটি ধৰি তাৰ জীৱনৰ 
বহু কথাই ক'লে। 
হয়তো প্ৰচণ্ড ধূমুহাত 
গছজোপাৰ মৃত্যু হ'ব !
হয়তো গৰাখহনীয়াত জাহ যাব?
হয়তো গ্রীষ্মৰ প্রখৰ ৰ'দত
নদীখন শুকাই যাব, 
হয়তো সেই ৰাতিয়েই সিহঁতে
নদীখন দেখা নেপাব। 
নদীখনে সজোৰে আকাশৰ ফালে 
চাই ৰয়,
এটা এটাকৈ 
তৰাবোৰো খহি যায়
হয়তো আকাশত এদিন তৰাবোৰ
নোহোৱা হ'ব
হয়তো তুমি আৰু মইও এদিন
 নোহোৱা হ'ম। 
কিন্তু তথাপিও সিহঁতে দেখা নাপাব ,
ওচৰেদি বৈ যোৱা নদীখন!! 
এই পৃথিৱীত তুমি আৰু মই
মই আৰু মোৰ তুমি 
একেদিনাই জন্ম, 
একেদিনাই মৃত্যু 
হয়তো সিহঁতে কোনেও কাকোৱেই
দেখা নাপাব। 
হয়তো নদীখনে বিদায় ল'ব
এদিন চিৰদিনৰ বাবে
হয়তো নদীখনে চাই ৰ'ব
 আকাশখন!! 

✍️ৰুনু শর্মা , গুৱাহাটী 

Post a Comment

Previous Post Next Post