শব্দক আঁকোৱালি,
কবিৰ সৃষ্টি আজি
অপূৰ্ব শাৰী ।
অজস্ৰ শব্দৰ
মোহনীয় মালা গাঁঠি,
কবিৰ সৃষ্টি আজি
কাব্য নদী ।
নানান শব্দৰ সৈতে
লুকা-ভাকু খেলি,
কবিৰ সৃষ্টি আজি
ছন্দৰ সুঁতি ।
অনুভৱৰ টোপোলাৰে
অনুপম কাব্যিকতা,
কবিৰ ছন্দবদ্ধ
কাব্যিক লেখা ।
সৃষ্টিৰ ঢৌ দেখি,
অনুভৱী কবিতা লিখি,
নাই আজি কবিৰ
অকণো আহৰি ।
ইটোৰ পাছত সিটো
ছন্দৰ ধেমালি ।
সৃষ্টি মাথোঁ কাব্য নদী ।।