অভিশপ্ত আবেলি - মিনাক্ষী দত্ত

Rinku Rajowar
0
তুমি এদিন আহিবা লাইপুলিয়াৰ পাৰলৈ
নদীৰ পাৰৰ সেই চিনাকি শিলত
দুয়ো বহিম আমি  ।
বাট চাই ৰম এজাক নিৰিবিলি বতাহৰ স'তে 
তুমি অহা বাটলৈ ।
চ'তৰ চোকা ৰ'দে দেই- পুৰি নিয়া দেহা
তোমাৰ উপস্থিতিত হৃদয় জুৰাবলৈ ।
আবেলিটো ক্ৰমাৎ ধূসৰ হৈ আহিছে ।
মোৰ বুকুৰ স্পন্দন বাঢ়িব ধৰিছে ।
অনুভব কৰিছো তোমাৰ উপস্থিতি ।
বতাহৰ বা লাগি আউলী- বাউলী চুলিটাৰি 
বাৰে বাৰে মোৰ গাত মেৰিয়াই ধৰেহি ।
তোমাৰ ওঁঠৰ হাঁহিটো আহি ওলমি ৰয়
মোৰ  হৃদয়ৰ উৰুখা পঁজাত ।
নদীৰ পাৰৰ এই ঠাইত আজিও খোদিত
তোমাৰ সতে কটোৱা সেই নিৰিবিলি মুহুৰ্ত
ভাবত বিভোৰ হৈ মই কেৱল অনুভৱহে কৰিছো।
হাতত হাত থৈ প্ৰতিশ্ৰুতিৰ বন্যাৰে উপচাই দিয়া
তোমাৰ কৃত্ৰিম হৃদয়ৰ সেই মধুৰ সান্নিধ্য
প্ৰেমৰ দূৰ্বাৰ আলিঙ্গনত গোলাপী ওঁঠৰ চাপ আজিও মোৰ বুকুৰ কামিজত ।
উশাহৰ গৰম বতাহ বয় মোৰ হৃদয়ৰ নিভৃত কোণলৈ
ধুমুহাত বিধস্ত হৃদয় ঠুনুকা কাচৰ দৰে
ভাগে টুকুৰা- টুকুৰে 
সৰি পৰা টোপা টোপ অশ্ৰু- অঞ্জলি 
নদীৰ পানীৰ সতে মিলি গতি কৰে সাগৰ বিচাৰি।

             ◾মিনাক্ষী দত্ত ।
       ধেমাজি (মাছখোৱা)।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)