মানৱৰ লীলা

হে মায়াৱী মানৱ 
কোনে জানে ?
কাইলৈ  কি  হয় ?
আজি হাঁহি আছোঁ খন্তেক
কিন্তু 
  কাইলৈ কি হ'ব ?
ময়ো নাজানো ।
দেহা থাকিলেহে বেহা 
কিন্ত দেহাৰ ভৰসাই নাই ।
কাইলৈ কি হয় ?
তাৰো কোনো হিচাব নাই ,
আছোঁ মাথোঁ 
ঈশ্বৰ ভৰসাত  ।
কোন দিনা কি হ'ব 
তাকো ক'ব নোৱাৰোঁ 
আছোঁ মাথোঁ  বাট চাই 
কপালৰ লিখনি লৈ !
বিধিয়ে কি লিখিছে 
সময়ে ক'ব  !


◾মিন্টু গোৱলা
   লখিমপুৰ, কদম

Post a Comment

Previous Post Next Post