অনুৰাধা শৰ্মা পূজাৰীৰ "ইয়াত এখন অৰণ্য আছিল" -জনাৰ্দন তালুকদাৰ

Rinku Rajowar
0
ভাৰতীয় লেখকৰ সাহিত্য কৰ্মক স্বীকৃতি দিয়া আৰু উদগনি যোগোৱাৰ উদ্দেশ্যেৰে ভাৰতৰ ৰাষ্ট্ৰীয় সাহিত্যিক অনুষ্ঠান সাহিত্য অকাডেমিয়ে প্ৰতিবছৰে ভাৰতবৰ্ষৰ বিভিন্ন ভাষাৰ লেখক সকলক প্ৰদান কৰে "সাহিত্য অকাডেমি বঁ‌টা"। পূৰ্বৰে পৰা বৰ্তমানলৈ অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁ‌টা লাভ কৰা মহান সাহিত্যিক সকলৰ ভিতৰত অনুৰাধা শৰ্মা পূজাৰীও অন্যতম। ২০২১ বৰ্ষৰ সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল অসমৰ এগৰাকী জনপ্ৰিয় সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰী বাইদেউৰ ‘ইয়াত এখন অৰণ্য আছিল’ গ্ৰন্থখনে। মানৱ সভ্যতা আধুনিকভাৱে প্ৰতিষ্ঠিত হোৱাৰ লগে লগে আৰম্ভ হৈছিল জনবিস্ফোৰণ। সভ্যতা গঢ়াৰ নামত মানুহে প্ৰকৃতিৰ ওপৰত কৰা অত্যচাৰ আৰু ধ্বংসলীলাই সমগ্ৰ জীৱজগতৰ অস্তিত্বৰ ওপৰত শংকা আৰু বিভীষিকা নমাই আনিছে। মানুহে হিংস্ৰৰূপ ধাৰণ কৰি গছ-গছনি কাটি, বিল-জলাশয় পুতি, অৰণ্য ধ্বংস কৰি যেতিয়াই বসতি কৰিবলৈ ল'লে তেতিয়াৰ পৰা আৰম্ভ হ'ল প্ৰকৃতি আৰু মানুহৰ অন্তহীন যুদ্ধৰ আখৰা। ৰ’দ বৰষুণৰ পৰা ৰক্ষা কৰিবলৈ বাসস্থানৰ প্ৰয়োজন। কিন্তু সেইবুলি নিজক নিৰাপদ কৰিবলৈ জানো আনক নিৰাপত্তাৰ পৰা বঞ্চিত কৰাটো উচিত। প্ৰকৃতিৰ অমূল্য দান ধ্বংস কৰিলে মানৱ সভ্যতাৰ উত্থান হ’বনে? এখন অৰণ্য যেতিয়া নিজে গঢ়ি তোলা অতি দুৰূহ তেন্তে সেইখন ধ্বংস কৰাৰ অধিকাৰো মানুহৰ নাই। এখন অৰণ্যৰ, এটা পাহাৰৰ ওপৰত আধাৰিত ‘ইয়াত এখন অৰণ্য আছিল’ গ্ৰন্থখন।
     মহানগৰীৰ অৰণ্য দখল কৰি হেঁপাহৰ ঘৰসজা এজাক মানুহ আৰু হেঁপাহৰ অৰণ্যখন নহ’লে থাকিব নোৱাৰা অনেক প্ৰাণীৰ প্ৰতি সহমৰ্মিতা প্ৰকাশে পাইছে উপন্যাসখনত। ৰাজনৈতিক কথা-বাৰ্তাৰ পৰা আন্তৰিক আবেদনলৈকে কিতাপখনত সন্নিৱিষ্ট আছে অলেখ সাধুৰ দৰে কাহিনী৷ প্ৰতিটো বাক্যতে যেন লুকাই আছে অব্যক্ত বেদনা।
   কিতাপখনৰ মূল বিষয়বস্তু আমচিং অৰণ্য আৰু উচ্ছেদ। আমচিং অৰণ্যৰ পৰা জনবসতিৰ উচ্ছেদৰ সামগ্ৰিক পৰিৱেশ সুন্দৰকৈ বৰ্ণিত হৈছে গ্ৰন্থখনত। খুব সুক্ষ্মভাবে আমচিং কেনেকৈ অৰণ্যৰ পৰা জনঅৰণ্য হ’ল, কিদৰে হাবি-বননি উচন হ’ল, অৰণ্যৰ আৰু মানুহৰ মাজৰ সংঘাতৰ বিষয়ে উপস্থাপন কৰিছে গ্ৰন্থখনত। গছ-গছনি ধ্বংস, বন্যপ্ৰাণী হত্যা, বিল-জলাশয় আদিৰ আৰম্ভ হোৱা ধ্বংসলীলাৰ কৰুণ বাস্তৱ, লেখিকাৰ আমচাংৰ গুহাত প্ৰৱেশ, ১৯৭২ চনৰ বন্যপ্ৰাণী সুৰক্ষা আইনৰ সাম্প্ৰতিক সময়ত মহত্ব কিমান আদি বিষয়ৰ লগতে চীন, ম্যানমাৰ আদি দেশৰ মানুহে ভাৰতবৰ্ষ, বিশেষকৈ অসমৰ বন্যপ্ৰাণী সমূহৰ প্ৰতি প্ৰদৰ্শন কৰা উদাৰতাই চোৰাং চিকাৰীসকলক যোগোৱা উৎসাহৰ ৰহস্য আৰু উপন্যাসখনৰ পৃষ্ঠাই পৃষ্ঠাই প্ৰকাশ পাইছে বন্যপ্ৰেমী লোকৰ কৰুণ বিননি। উপন্যাসখনৰ এফালে আছে অৰণ্যৰ নিৰ্জনতাত কোলাহলৰ সৃষ্টি কৰা অনেক কাহিনী তথা ব্যাথা আৰু আনফালে আছে ক্ষুধাতুৰ-আভিজাত্য নামৰ দৈত্যটোৱে কোঙা কৰা তথা মুখা পিন্ধা কিছু লোকৰ বাস্তৱিকতা। 

         অনুৰাধা শৰ্মা পুজাৰীয়ে উপন্যাসখনৰ শেষত উল্লেখ কৰিছে যে এই সময় মানুহে ঠিকনা হেৰুওৱাৰ সময়। মানুহ, জীৱ-জন্তু সকলোৱে এক নিৰাপদ স্থানৰ সন্ধানত বিচলিত হৈ পৰিছে। অৰণ্যসমূহ, বিল-জলাশয় সমূহ মানুহে দখল কৰিবলৈ বাধ্য হৈছে। অৰণ্য হৈ পৰিছে মৰুভূমি। জীৱ-জন্তুৰ বাবে বাসস্থান, খাদ্যৰ মহাসংকটে দেখা দিছে। এই সকলোবোৰেই মানৱ সভ্যতালৈ অশনি সংকেত কঢ়িয়াই আনিছে। কিন্তু এই সকলোবোৰ সমস্যা মানৱসৃষ্ট। ইয়াৰ সমাধান ক'ত? মানুহ মানুহৰ বৈশিষ্ট্যৰে পৃথিৱীত বাচি থাকিব পাৰিবনে? যদি মানুহে প্ৰকৃতিক নিৰাপত্তা দিব নোৱাৰে, তেন্তে মানুহ নিজেই হৈ পৰিব এদিন জীৱাশ্মৰ ইতিহাস। যি ইতিহাস লিখিবলৈ বাচি নাথাকিব মানুহ। এই উপন্যাসখনে আধুনিক  সমাজখনৰ বিষয়ে এনে কেতবোৰ প্ৰশ্ন উত্থাপন কৰিছে যিবোৰ ইয়াৰ আগেয়ে কোনো লেখকে কৰা নাছিল। 

   "কিছুমান চৰাই কিয় ইমান ওপৰলৈ উৰিবলৈ লাগে! জনাথন লিভিংষ্টনৰ দৰে সূৰ্য চুব পৰাকৈ উৰাৰ হাবিয়াস কিয় জাগে! আনতকৈ ভিন্ন হোৱাৰ আকাংক্ষাই যদি সফলতা আনে , তেন্তে সেই সফলতাই ডেউকা পুৰি যন্ত্ৰণা দিয়ে কিয়?"
                        --(প্ৰিয় এশাৰী) 


◾জনাৰ্দন তালুকদাৰ।
ঠিকনাঃ- প্ৰজন্ম এক অবিৰত যাত্ৰা(সাহিত্য-সাংস্কৃতিক অনুষ্ঠান)
জিলাঃ- নলবাৰী(অসম)
ডাকসূচকঃ- ৭৮১৩১০
যোগাযোগঃ- ৬৯০০৭৮৮৮৭০ 

  

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)