চাইবাৰ অপৰাধীৰ লগত টেলিফোনত কথাবাৰ্তা

Rinku Rajowar
0

মোৰ ক্ৰেডিট কাৰ্ডৰ পৰা ১৩৬৪৬.৫৬ টকা লৈ গ'ল ৷ জানোঁ যে বেংকৰ ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ডৰ নম্বৰ বিচাৰিলেও আনক দিব নালাগে, জানোঁ যে  মোৱাইলৰ অ'টিপি( OTP) আনক জনাব নালাগে ৷ তথাপিও কেতিয়াবা ভুল হৈ যায় ৷ কথাটো এনেধৰণৰ ; আমাৰ বেংকে মোক একপ্ৰকাৰ জোৰ কৰি এখন ক্ৰেডিট কাৰ্ড দিছিল, এক ডেৰ বছৰ মান আগত ৷  দিশপুৰৰ স্টেবেংকলৈ সেইদিনা যাওঁতে মোক একপ্ৰকাৰ আগছি ধৰিলেহি এজন ডেকা লৰা আৰু এজনী ছোৱালীয়ে ৷ মোক তেওঁলোকে কলে- খুড়া ৷ ক্ৰেডিট কাৰ্ড এখন লওক ৷ মই কলোঁ- মোক ক্ৰেডিট কাৰ্ড নালাগে ৷ পূৰ্বে এবাৰ মোৰ ক্ৰেডিট কাৰ্ড লৈ লোকচান হৈছে ৷ দিয়া পইচাকো বেংকে নিদিয়া বুলি কৈছিল ৷ তেওঁলোকে কলে -  নহয়, লওক ৷ ক্ৰেডিট কাৰ্ড ললে বহু সুবিধা আছে ৷ কিবা বস্তু কিনিলে বহুত অ'ফাৰ আছে ৷ তেওঁলোকৰ জোৰত মই মোৰ ফটো দিলোঁ, চহী কৰিলোঁ ৷ তেওঁলোকে মোক ক্ৰেডিট কাৰ্ড এখন দিলে ৷ কাৰ্ডখন ঘৰলৈ আনিলোঁ ৷ সেইখিনি সময়ত যেয়ে সেয়ে মোক কলে- ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰিলে আপোনাৰ লোকচান হব পাৰে ৷ আপুনি পেনচন পায়, বয়সস্হ মানুহ  ৷ কাৰ্ডখন আপোনাক কিয় লাগিছে ?  ক'ৰবাত ব্যৱহাৰ কৰোঁতে ভুল হলে বহুত ভৰণি হব পাৰে ৷ "ক্ৰেডিট কাৰ্ড ভাল নহয়" বুলি ভাবিয়েই সেইখন ব্যৱহাৰ কৰা নাছিলোঁ ৷

         সেইদিনা পুৱাতে মোৰ মোৱাইলত দুটা মিছকল দেখিলোঁ,  পুৱা ১০.২৪ মান বজাত ৷ মিছ কল কৰা নম্বৰটো আছিল ৯১৯৩৩০৭৪৩৬৯৫ ৷ নম্বৰটোৰ প্ৰথমে ৯ সংখ্যাটো থকা বাবে ভাবিলোঁ,  এইটো ল'কেল নম্বৰ হব ৷ মোক কোনোবাই বিচাৰিছে নেকি ? মিছকল অহা নম্বৰটোলৈ ওলোতাই ফোন কৰিলোঁ ৷ তেতিয়া সিফালৰ পৰা মোক হিন্দীতে সুধিলে -  আপোনাৰ ক্ৰেডিট কাৰ্ড আপুনি ব্যৱহাৰ কৰা নাই নেকি ? বেংকৰ মানুহ বুলি ভাবি মই কলোঁ- ক্ৰেডিট কাৰ্ডখন ললোঁ হয় ৷ কিন্তু,  ব্যৱহাৰ কৰা নাই ৷ মোক তেতিয়া ফোনত সিফালৰ পৰা কলে - ব্যৱহাৰ নকৰে যদি ক্ৰেডিট কাৰ্ড কিয় লৈছিল ? আপুনি কাৰ্ডখন এতিয়াই ব্যৱহাৰ নকৰিলে আপোনাৰ একাউন্টৰ পৰা বেংকে ৩৭০০টকা ফাইন হিচাপে কাটি লব ৷ কোনো কাম নাই যদি সেইখন বন্ধ কৰি দিয়া নাই কিয় ? মই সুধিলোঁ - বন্ধ কৰিলে মোৰ একাউন্টৰ পৰা এতিয়া টকা নাকাটিব নেকি ? তেওঁ কলে - এতিয়াই বন্ধ কৰি দিলে টকা নাকাটে ৷

        ক্ৰেডিট কাৰ্ড হাতত থাকিলে, ব্যৱহাৰ নকৰিলেও কিবা এটা পৰিমান কাটে বুলি শুনোঁ ৷ কিন্তু, সেই সময়ত ফোনৰ সিফালে ৰৈ থকা জনৰ কথা শুনি মোৰ হিতাহিত জ্ঞান যেন নাইকিয়া হৈ গৈছিল ৷ মই ভাবিবই পৰা নাছিলোঁ যে কাৰ্ডখন ব্যৱহাৰ নকৰিলে বেংকে সিমানখনি টকা কাটিব নোৱাৰে ৷ মোক এইবাৰ তেওঁ কলে - আপোনাৰ কাৰ্ডৰ নম্বৰটো কওকচোন ৷ কাৰ্ডখন এতিয়াই ব্লক কৰি দিওঁ ৷ মই  সুধিলো - আপুনি ক'ৰ পৰা কৈছে ? তেওঁ কলে - মোম্বাইৰ পৰা কৈছোঁ ৷ মই কলোঁ- বেংকলৈ গৈ মই মোৰ কাৰ্ডখন নিজে বন্ধ কৰি আহিম ৷ তেওঁ কলে - সেই কাম বেংকে নকৰে ৷ সেইখন বেংকে বন্ধ নকৰে , আমিহে কৰোঁ ৷ মই কলোঁ- মই বয়সস্হ মানুহ ৷ দুটামান টকা পেনচন পাওঁ ৷ মাহটো খাবলৈকে নোজোৰে ৷ তেওঁ মোৰ বয়সনো কিমান সুধিলে ৷ মই কলোঁ- ১৯৪৬ ত মোৰ জন্ম  ৷ তেওঁ মোৰ জন্ম তাৰিখটো সুধিলে ৷ মই সেইটোও শুদ্ধকৈ কলোঁ ৷ তেওঁ কলে,  বয়সীয়াল মানুহ বাবে মই আপোনাক সহায় কৰিছোঁ, মে আপক' হেল্প কৰ ৰহা হুঁ ৷ এইবাৰ তেওঁ মোক কলে -  ফোনটো নাকাটিব, মই আপোনাৰ কাৰ্ডখন বেংকত চাৰ্চ কৰি আছোঁ ৷ আপুনি নিজৰ  কাৰ্ডখন ক'ত থৈছিল মনত পেলাই বিচাৰি আনকগৈ ৷ মই কাৰ্ডখন বিচাৰি আনিলোঁ,  তেওঁক কাৰ্ডখনৰ নম্বৰকেইটা এটা এটাকৈ কলোঁ ৷ তেতিয়া তেওঁ কলে - আপোনাৰ কাৰ্ডখন এতিয়া ব্লক হৈ যাব ৷ আপোনাক মই হেল্প কৰি আছোঁ ৷ আপুনি এতিয়া কাৰ্ডৰ সিটো পিঠিৰ বগা অংশত থকা নম্বৰ কেইটা কওক ৷  মই বগা অংশত থকা সেই তিনিটা সংখ্যাও কৈ দিলোঁ ৷ তেওঁ কলে - এতিয়াই কাৰ্ডখন ব্লক হব ৷ আপোনালৈ এতিয়া এটা মেচেজ যাব ৷ সেইটো মোক কব ৷ সেইটো মই তেওঁক জনালোঁ আৰু তাৰ পিচতে বাৰ্তা  পালোঁ যে মোৰ কাৰ্ডখন "এক্টিভেট" হৈছে ৷ মই তেওঁক কলোঁ - কাৰ্ডখন ব্লক নহৈ এক্টিভেটহে হৈছে যে ?  তেওঁ কলে - "হাঁ ৷ পেহলে এক্টিভেট হ'গা,  ওচকে বাদ ডিএক্টিভেট হ'গা" ৷ আপোনাৰ মোৱাইললৈ আৰু এটা মেচেজ আহিব ৷ সেইটো মোক কব ৷ মই সেইটোও হিন্দীৱালা মানুহজনক কলোঁ আৰু সুধিলোঁ - কাৰ্ডখন এতিয়া বন্ধ হ'লনে?  তেওঁ কলে - বন্ধ হৈ যাব এতিয়া ৷ আপোনালৈ আৰু এটা মেচেজ যাব ৷ তাৰ পিচতে কাৰ্ডখন বন্ধ হৈ যাব ৷ সেইটো অ'টিপিও মই তেওঁক ফোনতে কৈ দিলোঁ ৷ তাৰ পিচতে মই মোৰ মোৱাইলত আৰু এটা মেচেজ দেখিলোঁ ৷ মোৰ ক্ৰেডিট কাৰ্ডৰ পৰা ১৩৬৪৬.৫৬ টকা খৰচ ( spend) হৈছে ৷ মই এইবাৰ তেওঁক সুধিলোঁ- মোৰ ক্ৰেডিট কাৰ্ডৰ পৰা টকা কেনেকৈ খৰচ হৈ গ'ল ?  খৰচৰ বাৰ্তাটো অহাৰ  আগে আগে তেওঁ মোক কৈছিল - আপোনাৰ ডেবিট কাৰ্ডৰ নম্বৰটো দিয়কচোন ৷ মই কলো- ডেবিট কাৰ্ডৰ নম্বৰ কিয় লাগে ? তেওঁ কলে - ক্ৰেডিট কাৰ্ড আৰু ডেবিট কাৰ্ড লিংকড্ হৈ থাকে ৷ সেইবাবে ডেবিট কাৰ্ডৰ নম্বৰটোও লাগে ৷  এইদৰে কথা বাৰ্তা চলি থাকোতেই মোৰ পৰিবাৰ আহি সেই স্হানত ওলালহি ৷ তেওঁ কথাবোৰ জানি সিফালৰ মানুহজনক ফোনতে গালি পাৰিলে আৰু কলে - এই কথা আমি এতিয়াই পুলিছক জনাম ৷ তেতিয়া সিফালৰ জনে কলে- পুলিছ হামক' কুছ নেহি কৰ চকেগা ৷

      সত্তৰোৰ্দ্ধ মানুহজনে কথাবোৰ সামাজিক মাধ্যম ফেচবুকত কৈ গৈছিল-  মোৰ টকাখিনি অপৰাধীয়ে লৈ গ'ল, মোৰ নিজৰ ভুলৰ বাবেই ৷ এই ঘটনা যাতে আন কাৰো লগত নহওক, কোনেও যাতে এনে ভুল নকৰক তাৰ বাবেই মই এই কথাবোৰ সকলোকে বিস্তাৰিত ভাৱে জনাইছোঁ ৷ তেখেতৰ নামটো মই ইয়াত ৰাজহুৱাকৈ লব বিচৰা নাই  l তেখেতে এনে কৰিছিল সমাজিক সজাগতাৰ বাবে ৷ তেখেতক মোৰ দৰে বহুতে ফেচবুকৰ পৃষ্ঠাতে উপদেশ দিছিল, তৎক্ষণাৎ আৰক্ষীক কথাটো জনাবলৈ ৷ মই তেখেতক আৰক্ষীৰ ১৯৩০ ট'লফ্ৰী নম্বৰত ডায়েল কৰি "বিত্তীয় চাইবাৰ প্ৰবঞ্চনা"ৰ বিষয়ে জনাবলৈ উপদেশ দিছিলোঁ ৷ ইন্টাৰনেটত উপলব্ধ আন কেইটামান যোগাযোগৰ নম্বৰো যেনে : 0361-2521242( DG- Control) , 0361-2464557/8(City Police Control), 0361-2460303(Citizen Portal helpline) মই তেখেতক দিছিলোঁ ৷ সংশ্লিষ্ট বেংকত কথাটো তৎক্ষণাৎ জনাবলৈ কৈছিলোঁ, যাতে অধিক বিত্তীয় ক্ষতি নহয় ৷ 

             চাইবাৰ অপৰাধীয়ে সাধাৰণ গ্ৰাহক সকলক জালত পেলাবলৈ বিভিন্ন পন্হা অৱলম্বন কৰি থকা দেখা গৈছে ৷ অলপতে দিশপুৰ কলেজৰ বেংক অব্ বৰোডাৰ দিশপুৰ শাখাত থকাত একাউন্টৰ পৰা অপৰাধীয়ে প্ৰায় ৭৬ লাখ টকা হৰলুকি কৰি নিছিল, ভূৱা চেক ( ক্ল'ন চেক)  বনাই  ৷ জনা মতে,  সেই অপৰাধী এতিয়াও ধৰা পৰা নাই ৷ সেই অপৰাধ কলেজ কৰ্তৃপক্ষৰ অগোচৰে হৈছিল, তাত কৰ্তৃপক্ষৰ কোনো ভুল নাছিল ৷ এনে হলে বেংকে  খাটাধাৰকক হৰলুকি হোৱা সমূদায় ধন উভতাই দিবলৈ বাধ্য ৷ সেই ব্যয়পূৰ্তি বেংকৰ ওচৰত দায়বদ্ধ বীমা কোম্পানীবোৰে কৰে  ৷ কিন্তু, গ্ৰাহকৰ নিজৰ ভুলৰ বাবে, ওপৰত বৰ্ণোৱা ধৰণে কাৰ্ডৰ নম্বৰ, অ'টিপি, বয়স, জন্মতাৰিখ আদি আনক (চাইবাৰ অপৰাধীক ) জনালে ক্ষতি নিজৰেই হব,  সেই ভৰ্তূকিৰ দায়িত্ব আন কোনেও নলয় ৷    


◾ অলকানন্দ কাকতি

মোৱাইল  : ৭০০২৯৬৭০৩২ 


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)