অকলশৰীয়াকৈ থাকি ভাল পোৱা মানুহ এজনৰ মনটো কেনেকুৱা ?

Rinku Rajowar
0
জীৱনত সফল হোৱা মানুহজনৰ আৰত কোনবা নহয় কোনোবা আপোন মানুহ থাকে । তাৰ লগে লগেই সফল মানুহ এজনৰ আৰত থাকে তেওঁৰ কষ্ট ,  তেওঁৰ সপোনবোৰ , তেওঁৰ কৰা আশাবোৰ ।
অনেক কষ্ট হলেও নিজৰ সপোনবোৰৰ পাছে পাছে দৌৰা মানুহজনহে সফল হ'ব পাৰে ।
              আপুনি কেতিয়াবা অকলশৰীয়াকৈ থাকি ভাল পোৱা , কোনো লগ বন্ধু নথকা , ঘৰৰপৰা এনেই কতো নোলোৱা বেলেগতকৈ সম্পূৰ্ণ বেলেগ যেন লগা লৰা লগ পাইছে নেকি ? 
আপুনিও হয়তো ভাবিছে এতিয়াৰ দিনত এনেকুৱা লৰা চাগে নাই , থাকিলেও তেওঁ কোনোবা আমনিদায়ক মানুহ হ'ব । আপুনি হয়তো ভাবিব পাৰে যে লগ বন্ধু নথকা কাম নাথাকিলে ঘৰৰপৰা নোলোৱা কোনো লৰা অকণমানো হাহি ধেমালি নকৰাকৈ থাকি পাগলৰ দৰে হৈ নাযায়নে ?
              এই অকলশৰীয়াকৈ থাকি ভাল পোৱা মানুহৰ ভিতৰত এজন মই নিজেই । 
কিছুমানে কয় তোক যে দেখাই নাপাওঁ কেতিয়াবা ঘৰৰপৰা ওলাবি চোন ।
মই কাম থাকিলে ঘৰৰপৰা ওলাও কাম কৰিবটো যাও ,
কামটো কৰি চিধা ঘৰলৈ আহো , তেতিয়া মোক সেইজন মানুহে দেখা নাপায় তাত মোৰ কি দোষ ?
আন কিছুমানে শুধে তই কিয় এনেকৈ থাক , লগ বন্ধু কোনো নাই যে ?
কিন্তু মই কবগলে মোৰ বন্ধু সকলো , সকলোকে মাতো ।  কিন্তু আনৰ দৰে বন্ধুয়ে কলেজত যোৱাৰ দিনাহে মইয়ো যাম , সিহতে কিবা খালেহে মইয়ো খাম এইটো মই কৰিব নোৱাৰোঁ ।
মই নিজক ভাল পাওঁ , মই নিজৰ মতে থাকি 
ভাল পাওঁ । 
" অকলশৰীয়াকৈ থকা মানুহে মানুহক ভাল পায় , সমাজখনক ভাল পাই । "
           " জীৱনটো এবাৰেই পাইছ , গতিকে এইবাৰেই জীৱনটো ভালকৈ enjoy কৰি ল " টকাৰ মূল্য বুজি নোপোৱা , দেউতাকৰ টকাৰে দামী গাড়ী লৈ ঘূৰি ফুৰা বহুতৰে মুখৰপৰা বহুবাৰ শুনিছোঁ , আৰু হয়তো শুনিম । 
         দিনটোৰ ব্যস্ততাৰ শেষত কেতিয়াবা মনৰ কথাবোৰ কব পৰাকৈ এজন মানুহৰ অভাৱ অনুভৱ কৰোঁ । মনটোত অকণমান কষ্ট হয় , সেইবুলি এইটো নহয় যে অকলশৰীয়াকৈ থকা বাবে মোৰ জীৱনটো ৰংবিহীন হৈ পৰিব । ক্ষন্তেকৰ বাবে নহয় , 
আচলতে মই জীৱনটোত এই বিভিন্ন ধৰণৰ ৰঙীন ৰঙীন ৰংবোৰ এনেকুৱাকৈ লগাব বিচাৰিছোঁ যাতে মোৰ মৃত্যু নোহোৱালৈকে এই ৰংবোৰে মোৰপৰা পলাব নোৱাৰে । 
জীৱনত ক্ষন্তেকীয়া সুখৰ নহয় চিৰস্থায়ী সুখৰহে দৰকাৰ । " মই কোন ,  সেইটো মই কৰা কৰ্মৰ দ্বাৰা প্ৰকাশ কৰিব বিচাৰোঁ " ।
" ধনী নহয় মই মাথোঁ এজন সচা মানুহ হব বিচাৰোঁ । "
মোৰ কৰ্মৰ আৰত মোৰ সপোনবোৰ থাকে । 
মই অকলশৰীয়াকৈ থাকি ভাল পাব পাৰোঁ , কিন্তু মোৰ মনটোৱে সকলোকেই ভাল পায় । এতিয়াও সপোনবোৰৰ পাছে পাছে দৌৰি মাথোঁ কৰ্ম কৰি আছো আগলৈও চেষ্টা কৰি যাম , আৰু মোৰ অস্তিত্ব কি , সেইদিনাই গম পাম যিদিনা মই  সফল হ'ব পাৰিম  ।

◾মানস প্ৰতীম মালী  
ঠিকনা :- বৰিহাট , মিৰ্জা ,
ফোন :- ৬০০০৮৩৯৫১৮ .
কলেজ :- পশ্চিম গুৱাহাটী মহাবিদ্যালয় ,  ধাৰাপুৰ ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)