দিব নোৱাৰে,
বহুতে আনৰ কথা ভাবি
মনৰ চন্দুকত থৈ দিবও নোৱাৰে৷
শব্দবোৰক ন সাঁজ পিন্ধাই
উলিয়াই দিলেই
শব্দবোৰ কেতিয়াবা একোখন
জীয়া ছবি হৈ উঠে৷
অৰ্থপূৰ্ণ শব্দবোৰ সকলোৱে
হজম কৰিব নোৱাৰে,
শব্দবোৰে তেওঁলোকক
নাঙঠ কৰিব পাৰে বুলি
ভয়ত টোপনি ক্ষতি কৰে৷
তেওঁলোকে জানে
শব্দ অমৰ
তেওঁলোকে শব্দ সজোৱা
মানুহবোৰক হিংসা কৰে,
শব্দৰ খনিকৰক বন্ধ কুঠৰীৰ
আলহী কৰিবলৈ উঠি পৰি লাগে৷
শব্দ সজোৱা মানুহবোৰ স্বাভিমানী
স্বাভিমানী মানুহবোৰে জানে
তেওঁৰ ঠিকনা সলনি কৰিলেই
শব্দবোৰ নহোৱা হৈ নাযায়,
সুযোগ পালেই শব্দবোৰ ওলাই আহিব
আগতকৈও বেগত
আগতকৈ শক্তিশালী ৰূপত..
◾ প্ৰণৱ চক্ৰৱৰ্তী
নলবাৰী, ৯৮৬৪১৪৯৬৬৪
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ