নিস্তব্ধ তৰাৰ জ্যোতি

Rinku Rajowar
0
জোনাক নিশা তৰাভৰা আকাশত 
বিচাৰি পাওঁ সপোনৰ ঠিকনা;
অনুৰাগবোৰে ক্ৰমশঃ শিপাবলৈ ধৰি
ভাগৰুৱা মনক দিয়ে আশাভৰা সান্ত্বনা।
ভাল লাগে উজ্জ্বল তৰাৰ সৈতে
আস্যত হাঁহিৰ ৰেঙনি বুলাই
আপোনমনে খেলি।
হেৰাই যাওঁ নিজম আকাশৰ
মোহময়ী ৰূপৰ আলেখলেখ গণি।

তৰাবোৰৰ মাজত বিচাৰি পাওঁ
প্ৰিয় গণিতৰ বিভিন্ন খেলা
কল্পনাতেই চক্ষুৰে অংকিত কৰোঁ
জ্যামিতিৰ চিত্ৰৰ মেলা।

কিয় বাৰু ভাল লাগে
নিজতেই মগন হৈ
স্বপ্নবোৰ সিঁচি হেঁপাহৰ দলিচাত?
হেৰাই যাওঁ কিয় 
আন্ধাৰ ভেদি পোহৰ নিগৰোৱা
জিক্‌মিক্ জোনাকী পৰুৱা খেদি
নিজম আকাশৰ ওমাল কোলাত?
উকা উকা লগা হৃদয়ত গাঁঠো
জিক্‌মিক্ তৰাৰে জেউতীৰ মালা;
বিভাৱৰীৰ তিমিৰটো পোহৰাই তুলি
আঁকি দিয়ে আননত হাঁহিৰ আভা।

ভাল লাগে চাগে সেয়ে
তৰাৰ সৈতে আপোনমনে খেলি;
প্ৰেৰণা লভি ধীৰে ধীৰে আগবাঢ়ি
দহকো বুলাবলৈ পোহৰৰ জ্যোতি।

                         ✍️ কল্পনা বৰা 
                       গোলাঘাট জিলা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)