জিলিকি উঠিব সোণালী দিন ।
প্ৰকৃতিৰ ৰূপে-ৰসে হৃদয় ভৰি
উশাহত বিয়পি পৰিব নিৰ্মল এছাটি বায়ু ।
পাহাৰ বগাবা বিচক্ষণতাৰে --বল-বীৰ্য থাকোতে
সমল গোটাবা ৰূপালী সপোন লৈ তৰপে তৰপে ।
সত্য,শুদ্ধ মনেৰে জগতক আৱৰি
সমাজৰ হিত সাধিলে
সত্য-সুন্দৰৰ মালাধাৰিৰে মেৰিয়াই বান্ধিলে
মামৰে নধৰে অসমত।
মুক্ত আকাশৰ দৰে হ'ব লাগিলে বিশাল বুকু
আৱৰি ল'ব পাৰিলে সম্প্ৰীতিৰ ঢল নামিব ।
জীৱনৰ চাকনৈয়াত পৰি সময়ৰ সৈতে কৰিব লাগিব যুঁজ-বাগৰ
বুকুত সাহসৰ সেতু বান্ধি লৈ ।
নিজ আদৰ্শৰ বাট নেৰিবা নেৰিবা
সকলো সমালোচনা কাটি কৰি থৈ
সু-বাট দূৰ গমন যন্ত্ৰনাৰ হেঁচা বুকুতে লৈ ।
কোনে কি কৰিব পাৰে মিছা অপবাদ ঢালি
আন্ধাৰৰ শেষত পোহৰৰ দৰে সু-দিন আহিব ঘূৰি ।
বাৰিষা আহি গৈ থাকিব সময়ৰ আহ্বান ক্ৰমে
বোকা-পানীৰে ভৰা পথাৰতে ৰচি যাব লাগিব
এই জীৱনৰ আদিপাঠ ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ