একান্তই নিজৰ

Rinku Rajowar
0
অনুভৱবোৰ একান্তই নিজৰ ...
বহুদিন হ'ল ,
এই অনুভৱবোৰৰ সৈতে মুখামুখি হোৱা।
বহুদিনেই হ'ল চিয়াঁহীৰ বোলেৰে
হৃদয় শাঁত পেলোৱা ,
দিন - ৰাতিৰ সংগ্ৰামবোৰ
চলি আছে ...
ঘড়ী কাঁটাৰ টিক্ টিক্ শব্দৰ সৈতে ...
জিৰণি লব'লৈ আঁহৰিয়েই নাই ।
অনুভৱবোৰৰো জানো 
স্হিৰতা আছে !
সৌ সিদিনালৈকে পাখি মেলি উৰিব খোজিছিল
নিলীম আকাশত ,
আৰু আজি পুনৰ মৌন নীৰৱ দাপোনত ।
কাৰণ ...
নাই কোনো বিশেষ কাৰণ হয়তো নাই ! 
তথাপি খুদুৱনি এটা আছে
উকা পৃষ্ঠা আৰু ৰঙীণ কলমডালিৰ 
সংগ্ৰামৰ মাজত ।
শব্দই বাৰু কিমানৰ হৃদয় চুব পাৰে  ?
আৰু যদি পাৰে 
নিগৰাবে পাৰেনে এটি নীৰৱ কাহিনী  ,
ৰহস্য ...
কাৰণ অনুভৱবোৰ যে একান্তই নিজৰ ।
                                     
                              
◾ শ্ৰীমতী গায়ত্ৰী কোঁৱৰ ,           
মৰাণ মহাবিদ্যালয় , জিলা : ডিব্ৰুগড় ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)