"এইটো বা এইজনী কোনো কামৰ মানুহ নহ'য়" সচৰাচৰ মানুহে কৈ থকা অযুক্তিকৰ কথা বোৰ -নিতুমনি দাস

Rinku Rajowar
0
আমাৰ সৰু সৰু ভুল বোৰত বা বিফলতাত বহু সংখ্যক মানুহে সচৰাচৰ কয় " এইটো বা এইজনী কোনো কামৰ মানুহ নহ'য়  সাধৰণ পৰীক্ষাতো উত্তীর্ণ হ'ব নোৱাৰিলে বা ইন্টাৰভিওতো অতিক্রম কৰিব নোৱাৰিলে। " মুঠতে কটা ঘাত চেঙাতেল  মৰা মানুহৰ অভাৱ নাই।  বহু সংখ্যক   পিতৃ-মাতৃও কয় সন্তানৰ পৰা আশা কৰা ধৰণৰ ফলাফল নাপালে
নিজেও হতাশ হ'ব লগতে সন্তানটিকো হতাশাত আক্রান্ত হ'বলৈ থেলি দি নিজেও মনোকষ্ট পায় সন্তান টিকো মনোকষ্ট দিয়ে।

        আপোনাক বা মোক সময় সুযোগ বুজি আঘাত কৰি নিজকে বীৰ বুলি ভবা জন আপোনাৰ পৰিয়ালৰো হ'ব পাৰে বা বাহিৰৰ কোনোবা হ'ব পাৰে। কিন্তু কথা হ'ল তেনে মানুহৰ মানসিকতা সলনি কৰিব নোৱাৰি। পিছে নিজৰ চিন্তা চেতনাক উন্নত কৰিব পাৰি। 
      তেনে মানুহৰ অযুক্তিকৰ কথাত নিজেও হতাশ হ'ব নালাগে ল'ৰা-ছোৱালীকো হতাশ হ'ব লৈ নিদিব। ভগৱানে প্রতিটো জীৱক বিশেষ কামৰ যোগ্য কৰি  সৃষ্টি কৰিছে। গতিকে কষ্ট  সাধনা কৰিলে বিফলতা বোৰ অতিক্রম কৰিব পৰা হয়। 

আপুনি বা মই কি কামৰ মানুহ সেইয়া আনে নিৰ্ধাৰণ কৰিব পৰা অধিকাৰ দিব নালাগে। 
জীৱনটো নিজৰ,  গতিকে আপুনি কি কামৰ যোগ্য নিজে নিৰ্ধাৰণ কৰিব।  আনক চৰিত্ৰ নিৰ্ধাৰণ কৰিবলৈ নিদিব। কি কাৰণে বিফল হৈছে নিজেহে জানে গতিকে কি কৰিলে সফল হ'ব সেইয়া নিজে নিৰ্ধাৰণ কৰিব লাগিব। 

মানুহে পৰিস্থিতি অনুসৰি কথা কয়, আজি বিফলতাত আপোনাক মোক দুৰ্বল বুলি প্রতিপন্ন কৰিব আৰু কাইলৈ সফল হ'লে প্রশংসা কৰিব। গতিকে মানুহৰ কোনো কথাত বৰ বেছি উৎফুল্লিত হ'ব নালাগে বা হতাশো হ'ব নালাগে। নিজৰ  মন স্থিৰ কৰি ৰাখি দায়িত্ব পালন কৰি গৈ থাকিব লাগে। 

     বিফলতা বোৰৰ বুকুত সফলতাৰ আলোক পুঞ্জীভূত হৈ থকে। আমি মাত্র হাৰ মানিব নালাগে। বাৰে বাৰে যুঁজ দি ভাগৰি নপৰাও এক বৃহৎ সফলতা। মানসিক চাপ সৃষ্টি কৰিব নোৱাৰা চিন্তা ধাৰাই  মানুহ এজনৰ সফলতা। 

   একেবাৰেই সুৰক্ষিত জীৱনৰ মাদকতা ক'তক'ত? য'ত বিফলতা নাই, দুখ নাই, হেৰুৱাৰ যাতনা নাই, অভাৱ নাই তেনে জীৱনৰ সোৱাদ আছে জানো? 
সুৰক্ষিত জীৱনে মানুহক মানসিক ভাবে পংগু কৰি তুলে। জীৱনলৈ অহা সংঘাত -আঘাত, বিফলতা, হেৰুৱাৰ যাতনা, অভাৱ সকলো বিষাদৰ কেকুৰি  অতিক্রম কৰি মানসিক ভাবে শক্তিশালী হৈ থকি 
বিফলতাক পৰাস্ত কৰিছে তেন্তে সেই জন মানুহ
 মানসিক ভাবে সুস্থ আৰু সফল ব্যক্তি। তেনে মানুহক অনুকৰণ কৰিব লাগে। 

🔴নিতুমনি দাস, ঢকুৱাখনা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)