যুৱ প্ৰজন্মৰ মাজত অপৰাধ প্ৰৱণতা আৰু সাম্প্ৰতিক সমাজ ব্যৱস্থা-দশমী শইকীয়া

Rinku Rajowar
0
মানৱ জীৱনৰ ক্ৰমবিকাশৰ এক অন্যতম স্তৰ হৈছে কৈশোৰ কাল ৷ এই সময়ছোৱাক বিজ্ঞজনে ধুমুহা আৰু উৎপীড়নৰ সময় বুলি অভিহিত কৰিছে ৷ কৈশোৰ কালত ব্যক্তিৰ শাৰীৰিক আৰু মানসিক পৰিৱৰ্তন ঘটে ৷ এই কৈশোৰ কালত দেখা দিয়া এক অন্যতম সমস্যা হৈছে অপৰাধপ্ৰৱণতা ৷ সচৰাচৰ ইয়াক কৈশোৰকালতে বেছি দেখিবলৈ পোৱা যায় ৷ যেতিয়া কিশোৰ কিশোৰী য়ে নিজৰ দেহ মানসিক প্ৰয়োজনীয়তা পূৰণ কৰিব নোৱাৰে, বাধাৰ সন্মুখীন হয়; তেতিয়াই তেওঁলোকৰ মনত এক বিদ্ৰোহৰ মনোভাৱ জাগ্ৰত হয় ৷ যাৰ ফলত অপৰাধপ্ৰৱণতাই জন্ম লয় ৷ মূলতঃ অপৰাধপ্ৰৱণতা হৈছে কৈশোৰ তথা ব্যক্তিৰ মনৰ এক অসুস্থ আৰু অসামাজিক মনোভাৱ ; যাৰ দ্বাৰা তেওঁলোকে সমাজৰ প্ৰচলিত নীতি নিয়ম ভংগ কৰি বা বিৰুদ্ধাচৰণ কৰি অসামাজিক আৰু অনৈতিক কাৰ্যত লিপ্ত হয় ৷ আমি দেখি থকা চুৰি কৰা, ডকাইটি কৰা , মাদক দ্ৰব্য সেৱন, জুৱা খেলা , যৌন অপৰাধ , শাৰীৰিক অত্যাচাৰ আদি অপৰাধপ্ৰৱণতামূলক কামৰে উদাহৰণ।
       অপৰাধপ্ৰৱণতাৰ ইংৰাজী প্ৰতিশব্দ হৈছে Delinquency ৷ এই শব্দটো লেটিন ভাষাৰ Delinqure ৰ পৰা উৎপত্তি হোৱা বুলি কোৱা হয় ৷ যাৰ অৰ্থ হৈছে Neglect অৰ্থাৎ উপেক্ষা বা অৱহেলা কৰা। Delinquency বা অপৰাধপ্ৰৱণতা সম্পৰ্কে মনোবিজ্ঞানী হেলী (Healy) এ কৈছে , " A child , who deviates from the social norms of behaviour , is called deliquent " 
      সাম্প্ৰতিক সময়ত ই যুৱপ্ৰজন্মৰ মাজত বেছিকৈ শিপাব লৈছে ৷ যুৱপ্ৰজন্মৰ উচ্ছৃঙ্খলতা , অপৰাধপ্ৰৱণ মনোভাৱৰ কথা ক’বলৈ যাওঁতে এনে মনোভাৱ সৃষ্টিৰ আঁৰত থকা কাৰণসমুহো জনাটো আৱশ্যক ৷ কাৰণ কোনো শিশুৱেই জন্মতে এই অপৰাধপ্ৰৱণতা লৈ জন্ম গ্ৰহণ নকৰে ৷ ইয়াৰ অন্তৰালত থাকে বিভিন্ন পৰিৱেশ, পৰিস্থিতি, সামাজিক অৱস্থা আদি ৷ সমাজৰ কিছুমান সমস্যা , পৰিস্থিতিয়েহে কিশোৰ কিশোৰীক অপৰাধৰ কৰাল গ্ৰাসত বন্দী কৰে ৷
        বিভিন্ন কাৰকৰ ভিতৰত এক অন্যতম কাৰক হৈছে ঘৰুৱা পৰিৱেশ ৷ ঘৰখনেই শিশুৰ শিক্ষাৰ কঠিয়াতলী বুলি কোৱা হয় ৷ ইয়াৰ পৰা যি শিকে বা আয়ত্ব কৰে তাৰেই তেওঁলোকৰ কাম কাজত প্ৰতিফলন ঘটা দেখিবলৈ পোৱা যায় ৷ ঘৰখনৰ তথা পৰিয়ালৰ লোকসকলৰ ব্যৱহাৰেই ল’ৰা - ছোৱালী ৰ ওপৰত আটাইতকৈ বেছি প্ৰভাৱ বিস্তাৰ কৰে ৷ ঘৰুৱা বিভিন্ন কাৰণত ল’ৰা - ছোৱালী অপৰাধপ্ৰৱণ হৈ পৰে ৷ যেনে : 
(১) শিশু এটিয়ে যদি বিচৰা মৰম , যত্ন নাপাই ; ঘৰখনৰ আপোন মানুহখিনিৰ মাজতে অৱহেলিত , পৰিত্যক্ত অনুভৱ কৰে তেতিয়া অপৰাধপ্ৰৱণতাই গা কৰি উঠে ৷ কালক্ৰমত ই ভয়ংকৰ ৰূপত ধৰা দিয়ে ৷
(২) যদিহে ল’ৰা বা ছোৱালীজনী ঘৰত অতি কঠোৰ শাসন আৰু নিপীড়নৰ মাজত থাকিবলগীয়া হয় , তেতিয়াও অপৰাধপ্ৰৱণ হৈ উঠিব পাৰে ৷
(৩)  ল’ৰা - ছোৱালী ৰ পিতৃ মাতৃ যদি চৰিত্ৰহীন , মাদক দ্ৰব্য সেৱনকাৰী হয় , পিতৃ মাতৃৰ যদিহে বিবাহ বিচ্ছেদ হয় , কাজিয়া হৈ থাকে তেনে পৰিৱেশৰ শিশু অপৰাধপ্ৰৱণ হৈ উঠিব পাৰে ৷
(৪) ঘৰুৱা পৰিৱেশত অনুশাসনহীনতা তথা অবাধ স্বাধীনতা প্ৰদানে ল’ৰা- ছোৱালীক অপৰাধপ্ৰৱণ কৰি তুলিব পাৰে ৷
           ঘৰুৱা পৰিৱেশৰ উপৰিও বিভিন্ন কাৰণত বিদ্যালয়ৰ পৰিৱেশৰ বাবেও ল’ৰা- ছোৱালীৰ মনত অপৰাধপ্ৰৱণ মনোভাৱে গা কৰি উঠিব পাৰে৷ যেনে :
(১) শিক্ষকৰ কঠোৰ নিয়ন্ত্ৰণ
(২) শিক্ষকৰ পক্ষপাতিতা
(৩) অসন্তোষজনক পৰিৱেশত বিদ্যালয়ৰ অৱস্থান
(৪) বিদ্যালয়ত অনুশাসনহীনতা আদি ৷
                মনকৰিবলগীয়া যে , সমাজৰ বিভিন্ন উপাদানেও অপৰাধপ্ৰৱণতাৰ বাট মুকলি কৰে ৷ সমাজ এখন বিভিন্ন ব্যক্তিৰ দ্বাৰা গঠিত হয়। বহুলোকে একে লগে বসবাস কৰে ৷ অশৃংখলিত সমাজ ব্যৱস্থাত অপৰাধপ্ৰৱণতা দেখা যায় ৷ লগতে আৰু বহু উপাদানে উদগণি যোগায় ; যেনে:
(১) অনিয়ন্ত্ৰিত আৰু অসংগঠিত সমাজ ব্যৱস্থা
(২) বৈষম্যমূলক আচৰণেও অপৰাধপ্ৰৱনতাৰ জন্ম দিয়ে ৷ উচ্চ - নীচ্চ, ধনী- দুখীয়াৰ ভেদাভেদে সমাজ এখনত বিৰূপ প্ৰভাৱ পেলায় ৷ যিয়ে শোষক আৰু শোষিত ৰ সৃষ্টি কৰে ৷ এনে শোষণ কাৰ্যৰ বিৰুদ্ধিতা কৰিও অপৰাধ সংঘটিত কৰা দেখা যায় ৷ 
(৩) সামাজিকভাৱে বঞ্চিত হ’লে আক্ৰোশৰ জন্ম হয় , যিয়ে অপৰাধপ্ৰৱণ কৰি তোলে ৷
 (৪) সমাজৰ অসুস্থ পৰিৱেশে ভাল মানুহকো অপৰাধীলৈ ৰূপান্তৰ কৰে ৷
           বহু সময়ত ল’ৰা-ছোৱালীয়ে নিজৰ মানসিক চাহিদা পূৰণ কৰিবৰ বাবে চুৰি কৰা , মিছা কথা কোৱা , ধ্বংসাত্মক কাম কাজ আদি কৰে ৷ যিয়ে তেওঁলোকৰ জীৱনলৈ অন্ধকাৰ নমাই আনে ৷ তেওঁলোকে নিজৰ জ্ঞাতে বা অজ্ঞাতেই বহু অপৰাধমূলক কাম সংঘটিত কৰি তোলে ৷   
          শিশু এটা জন্ম হওঁতে তেওঁলোকৰ মনতো উকা কাগজৰ দৰে হৈ থাকে ৷ ঘৰৰ পৰা, সমাজৰ পৰা যি শিকে, সিয়ে অংকিত হৈ ৰয় ৷ ভাল পৰিৱেশ লাভ কৰিলে ভাল ব্যক্তিত্বৰ অধিকাৰী হয় আৰু বেয়া প্ৰভাৱ পৰিলে অপৰাধমূলক কাম কৰিবলৈও কুণ্ঠাবোধ নকৰে ৷ শৈশৱকালৰ পৰা পোৱা পৰিস্থিতিয়ে তেওঁলোকৰ মনত বিশেষ প্ৰভাৱ পেলায়। 
         বৰ্তমান সময়ত আমাৰ সামাজিক ব্যৱস্থাৰ পৰিৱৰ্তন সংঘটিত হৈ আহিছে ৷ পূৰ্বৰ তুলনাত বৰ্তমান সকলো পৰিয়ালেই একক পৰিয়াল ৷ য’ত মাক - দেউতাক আৰু সন্তান থাকে ৷ এনে ক্ষেত্ৰত যদি মাক দেউতাক দুয়োজনেই চাকৰি কৰে সন্তানটি অকলে থাকিবলগীয়া হয় ৷ কেতিয়াবা এনে শিশু মনে মনে হয়তো একাকীত্বত ভোগে, মনৰ চাহিদা পূৰণৰ বাবে বিপথে পৰিচালিত হোৱা দেখা যায় ৷ সমাজৰ লগত মিলিবলৈ অসুবিধা হয় ৷ অপসমাযোজনৰ স্বীকাৰ হোৱা দেখা যায় ৷  কেতিয়াবা একমাত্ৰ সন্তান হোৱাৰ বাবেই যি বিচাৰে তাকে দিয়া হয় আৰু তেনে ক্ষেত্ৰত সন্তানৰ বিলাসিতা বাঢ়ি গৈ থাকে আৰু কেতিয়াবা যদি বিচৰাটো নাপায় মনত জেদ ভাৱৰ জন্ম হয় ৷ নিজৰ জেদ পূৰণৰ বাবে যিকোনো কাম কৰিব পাৰে ৷
          মূল্যবোধ, নৈতিক জ্ঞানৰ বিকাশৰ বাবে সমাজৰ প্ৰয়োজন হয় ৷ সমাজৰ পৰা বিভিন্ন কথা আয়ত্ব কৰিব পাৰি ৷ কিন্ত সাম্প্ৰতিক সময়ত ল’ৰা - ছোৱালী নিজৰ লগতে ব্যস্ত থাকি ভালপায় ৷ নিজৰ ভাললগা , বেয়া লগা ক লৈয়ে ব্যস্ত ৷ বৰ্তমান তেওঁলোকৰ মনত ' মই' আৰু 'মোৰ' ধাৰণা বৃদ্ধি পাব ধৰিছে ৷ যেনে: এইটো মোৰ; আনৰ লগত ভগাব নোৱাৰি ৷
         দেখা যায় যে, কৈশোৰ কালত ল’ৰা - ছোৱালী বেছি আৱেগপ্ৰৱণ হৈ পৰে ৷ মানসিক পৰিৱৰ্তনৰ ফলস্বৰূপে এয়া সংঘটিত হয় ৷ আৱেগৰ বশৱৰ্তী হৈ নিজৰ প্ৰয়োজন পূৰণৰ বাবে অপৰাধমূলক কামো সংঘটিত কৰে ৷ মন কৰিবলগীয়া যে, ল’ৰাৰ মাজত এই অপৰাধপ্ৰৱণতা বেছি দেখা পোৱা যায় ৷ আমাৰ প্ৰচলিত সমাজ ব্যৱস্থাই ল’ৰাক ছোৱালীতকৈ বেছি স্বাধীনতা, সুবিধা প্ৰদান কৰে ৷ হয়তো তাৰ বাবেও তেওঁলোক বেছি উচ্ছৃঙ্খল হৈ উঠে ৷
          বৰ্তমান সময় হৈছে যান্ত্ৰিকতাৰ , প্ৰতিযোগিতাৰ যুগ ৷ পশ্চিমীয়াকৰণৰ ফলস্বৰূপে নিজক আধুনিক কৰি ৰাখিবৰ বাবে বিলাসী জীৱন এটি কামনা কৰি ও অপৰাধ সংঘটিত কৰা দেখা যায় ৷ মাক দেউতাকে শিশুৰ মনোবাঞ্ছা পূৰণ কৰিব নোৱাৰিলে বিচৰা বস্তু আদায় কৰিবলৈ চুৰি কাৰ্য , ডকাইতি আদি কামতো সোমাই পৰা দেখা যায় ৷
          যুৱপ্ৰজন্মৰ এনে বাঢ়ি অহা অপৰাধপ্ৰৱণ মনোভাৱে মনোবিজ্ঞানী, সমাজবিজ্ঞানী সকলোকে চিন্তাত পেলাইছে ৷ ইয়াক কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি তাৰ বাবে চিন্তা চৰ্চা কৰি আহিছে ৷ তাৰ বাবে তেওঁলোকে কিছুমান পৰামৰ্শ আগবঢ়াইছে ৷ যেনে :-
(১) সন্তানে যাতে নিৰাপত্তাহীন আৰু  অকশৰীয়া অনুভৱ নকৰে তাৰ বাবে মাক দেউতাকে অধিক সময় তেওঁলোকৰ লগত অতিবাহিত কৰিব লাগে ৷ তেওঁলোকৰ লগত বন্ধুত্বপূৰ্ণ সম্পৰ্ক স্থাপন কৰা উচিত ৷
(২)  ল’ৰা- ছোৱালী ক নীতি শিক্ষাৰ জ্ঞান , মূল্যবোধৰ জ্ঞান প্ৰদানৰ ব্যৱস্থা কৰিব লাগে ৷ 
(৩) ল’ৰা- ছোৱালীৰ সুস্থ ব্যক্তিত্ব গঢ়ি তুলিবৰ বাবে সমাযোজন কৰাৰ সুবিধা কৰি দিব লাগে ৷
(৪) সন্তানৰ লগৰীয়াবোৰৰ চিন্তাধাৰা যাতে উন্নতমানৰ হয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে ৷ তেওঁলোকে যি কথা পাতে , যি খেলে সেয়া যাতে গঠনাত্মক হয় তাৰ প্ৰতি সতৰ্ক দৃষ্টি ৰখা উচিত ৷
(৫) সভ্যতাৰ অগ্ৰগতি আৰু সময়ৰ পৰিৱৰ্তনৰ প্ৰতি লক্ষ্য ৰাখি সামাজিক ৰীতি-নীতি , নিয়ম, আচাৰ-ব্যৱহাৰ সংশোধন কৰাৰ ব্যৱস্থা কৰিব লাগে ৷
(৬) কিশোৰ কিশোৰী ৰ বাবে উপযুক্ত কৰ্ম সংস্থাপন আৰু আত্মনিয়োগৰ সা সুবিধা বৃদ্ধি কৰিব লাগে ৷ 
(৭)  সৃজনশীল কামত তেওঁলোকক নিয়োগ কৰিব লাগে ৷ 
(৮) বিদ্যালয়ৰ পাঠ্যক্ৰম, শিক্ষাদান আৰু মূল্যায়ন পদ্ধতি, শিকণ পদ্ধতি আদি প্ৰণালীবদ্ধ, জীৱনসংগত কৰিব লাগে ৷
(৯) উপযুক্ত শৈক্ষিক আৰু বৃত্তিমূলক নিৰ্দেশনা দিব লাগে যাতে ভৱিষ্যত জীৱনৰ বাবে নিজকে প্ৰস্তুত কৰি তুলিব পাৰে ৷
         পৰামৰ্শসমুহৰ প্ৰতি লক্ষ্য ৰাখি ক’ব পাৰি যে প্ৰত্যেক ব্যক্তিয়ে সজাগ আৰু সচেতন হ’ব লাগে ৷ কৈশোৰ কালত দেখা দিয়া সমস্যা , শাৰীৰিক - মানসিক পৰিৱৰ্তন সম্পৰ্কে মুকলিকৈ আলোচনা কৰা উচিত ৷ ল’ৰা-ছোৱালী অপৰাধপ্ৰৱণতা ভয়ংকৰ হৈ উঠাৰ আগতেই তাক বুজি লৈ নিৰ্মূল কৰাৰ ব্যৱস্থা হাতত ল’ব লাগে ৷ মৰম স্নেহৰে কৰিব নোৱাৰা কাম একোৱে নাই ৷ উচ্ছৃঙ্খলতাৰ উত্তৰ উচ্ছৃঙ্খল ভাৱে নিদি শান্তিপূৰ্ণভাৱে সমস্যা সমাধানৰ বাট মোকলালে বহুক্ষেত্ৰত এই অপৰাধপ্ৰৱণ মনোভাৱ কমিব বুলি আশা কৰিব পাৰি ৷ সমাজৰ প্ৰতিজন ব্যক্তি , অভিভাৱক এই ক্ষেত্ৰত আগবাঢ়ি অহা উচিত ৷ নিজৰ সন্তানক এবাৰ বুজিব চেষ্টা কৰক..শাস্তিৰে নহয় মৰম স্নেহৰে ভাল বেয়াৰ জ্ঞান দিয়ক ৷ তেওঁলোকে নিশ্চয় বুজি পাব আৰু ভাল পথলৈ উভতি আহিব ৷


                           
✍️ দশমী শইকীয়া
      গোলাঘাট

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)