শিলাগুৰীয়া পথেৰে
আঠুকাঢ়ি গৈ আছোঁ,
তুমি ৰাজকীয় ক্ষমতা দিলা
মই কৰমৰ্দন নকৰিলোঁ।।
অৰ্থ লিপ্সাৰে
তুমি হাঁহি কিনিবা,
মই সেই পথেৰে নগ'লো।।
কাইটিয়া গোলাপেৰ
পাহিৰ তলৰ চাৱনিৰে,
মোক আলিঙ্গনৰ
আমন্ত্ৰণ দিলা।
সেইখন দাপোনত মই
মুখ নাচালো।।
নীলিম সলিল ৰাশি
পাৰাপাৰ হীন
বালি আৰু বালি,
মুক্ত বিহঙ্গ
না-চিন্তা , না- ভাৱনা।।
কেৱল উপভোগ কৰা
মাতৃৰ সৌন্দৰ্য্য
মই তাতেই থাকিলো
চিৰদিন তেওঁৰ হৈ।।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ