মেঘকন্যা বৰষুণ- পল্লৱ ৰায়

©Admin
0
এই আহে এই যায়
মেঘকন্যা বৰষুণ। 
টিপ-টিপ টাপ-টাপ 
গান জুৰে গুণগুণ।। 

নাদৰ ভেকুলীটোৱে
আদৰিছে বৰষাক টোৰটোৰাই। 
শাওঁনৰ হালুৱা ককায়েও 
বৰষুণক মাতিছে দুনাই।। 

কচুপাতৰ পানী টোপা 
মুকুতাহেন জিলিকে। 
মৃদু বতাহজাকে ফু মাৰি 
অভিমান ভাঙি দিয়ে।। 

শুকান মাটিৰ ছিৰাল ফাঁটত 
সানে জেকা ৰহণ। 
ধূসৰ প্ৰকৃতিয়েও ৰূপ সলাই
পিন্ধে সেউজী বৰণ।। 

এই আহে এই যায়
কি মায়াবী বৃষ্টি। 
টিপ টিপ টাপ টাপ
সুৰৰ কৰে সৃষ্টি।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)