দিনতে সপোন দেখুৱাই!
কথাৰ ফুলজাৰি মাৰি,
ডিঙিৰ সিৰ ফুলাই,
দিন-ৰাতি এক কৰি,
তেজক পানী কৰি,
সাত ৰাজ মাৰি এক কৰি
দলদোপ্ হেন্দোলদোপ কৰি,
আগে পিছে সোওে বাওে,
হিতাধিকাৰীৰ লানি নিছিগা সোঁত বোৱাই,
কাণে কাণ মাৰি,
তোষামোদকাৰী,
আঘোণা কাই নেতা হৈ যায়!
ধাপে ধাপ মাৰি
গোজেই গজালি মেলি
আঘোণাকাই দোপত দোপে আগুৱাই,
ঢোলৰ লগৰ টেমেকা লৈ
বাঘে ছাগে একে ঘাটে পানী খায়,
আঘোণাকাই নেতা হৈ যায়!
দিনতো যায় ভাত সাজ পায়
আলাসৰ লাড়ুৰ জীৱন ধিয়াই!
এনে হেন হিতাধিকাৰী
পাবত গজা, নপতা ফুকনৰ হাত ধৰি
ৰাজনীতিৰ মেহেলা মাৰি,
ধোদৰ আলি সাজি,
অজীন পাতকি, বগলী ভকত আজি
হাত দীঘলৰ মগজ মাৰি,
মেকুৰীৰ ডিঙিত টিলিঙা আৰি
আঘোণাকাই আজি নেতা হৈ যায়!
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ