কঁকাল ভগা ধাৰৰ
বোজা,
তৰা দেখা ঘৰৰ মজিয়া
নাইবা বৰষুণ গণা ঘৰৰ ভিতৰ কোঠা!
জুপুৰিবোৰত অভিযোগ নাথাকে
চাকিগছা নাইবা
হাত লেম্পৰ ক'লা পৰি যোৱা
ধোঁৱা ধোঁৱা,
পোহৰত এন্ধাৰ পোহৰৰে সৈতে
লুকা ভাকু খেলা কোঠা,,!
জুপুৰি বোৰত অভিযোগ নাথাকে
অভিযোগ জানো কিয় বাঢ়ে ইমান,
ইলেক্ট্ৰিকেল কোঠাবোৰত…!
অভাৱৰ সুৰুঙা নথকা
অৰ্থনীতিত কিয় জানো
হয় মৰম ভালপোৱাত ইমান ফাঁক!
জুপুৰিত নোহোৱা অভিযোগ বোৰ
অভাৱহীন কোঠাবোৰত
বাঢ়িয়ে থাকে সংগোপনে,
নোহোৱা হৈ গৈ থাকে মাথো
জুপুৰিত পোৱা হাঁহিবোৰ,,
জুপুৰিত পোৱা সোৱাদবোৰ
অভিযোগ ভৰা জিভাবোৰত
নোহোৱা হৈ গৈ থাকে ক্ৰমান্বয়ে…।
কিয় হেৰাই গৈ থাকে
জুপুৰিৰ সুখবোৰ!!
মনে বাৰে বাৰে সুধে…
অথচ উত্তৰ বোৰ হেৰাই
গৈ থাকে
ক্ৰমান্বয়ে…।।
জুপুৰিত নথকা
অভিযোগ বোৰে
পকীবেৰৰ আৱেষ্টনী ফালি
সোমাই আহে,
আহিয়েই থাকে
ক্রমশ…।।