চিনাকী-উৎপল দাস

তই বুহু দিনৰ চিনাকী বন্ধু মোৰ ।

সদা হাস্য মূখ তোৰ তই অমায়িক।

অচিনাকী মুলোকলৈ যাত্ৰা কৰিলি ।


তোৰ বিয়োগৰ খৱৰে মোক হতাস কৰি পেলালে ।

বুকুত অজনা বিসাদে বিন্ধিছে  বৰকে ।

অনেক স্মৃতিয়ে মোক আমনি কৰিছে ।

তই সহযাত্ৰী, সহপ্ৰাৰ্থী জীৱন সংগামৰ, জীৱন বাটত, জীৱন গঢ়াৰ সময়ৰ ।

নতুন দিগন্ত হৈ ৰাইজৰ মাজৰপৰা মৰম বুতলিবলৈ সক্ষম হলি ।

সংবাদ সফুৰা বিলাই ৰাইজৰ বুকুৰ মনি হৈ পৰিলি।

তোৰ অবৰ্তমানে ক্ষতি সাধন কৰিব বহুগুনে ।

অনেক সময়ত ব্যস্ততাৰ পথাৰখনত থমকি ৰৈছিলি মোক দেখি হাঁহি মূখখনেৰে কৈ গৈছিলা বহু ভাষাৰে বহুত  বাৰ্তা দি গৈছিলি।

অজি নাপাম মই সেই ক্ষনৰ পথিকৰ চিৰ চিনাকীৰ বাৰ্তা ।

নিয়তিয়ে নিমিসতে ভূল পথেৰে আহি ভূলতে লৈ গ'ল তোক ।

হাঁহি মুখিয়া তোৰ সেই মূখখন মনত থাকি যাব চিৰদিনলৈ ।

অসীমে সীমাৰ পৰিধী ভাঙি মৃত্যু চিৰসত্যৰ ওচৰত হাৰ মানি গোছি গ'ল অজান মুলোকলৈ । 

চিৰ চিনাকী জন আজি অজান মুলোকলৈ গোছি গ'ল ।     

চকুলো সেমেকাই বেদনা বহুত দি    ।

মৃত্যুৰ সীপাৰে যতেই তই আছ শান্তিৰে থাক তাৰে কামনা কৰো । 

চিনাকি পথাৰত তোৰ দৰে যু্দ্ধাৰ সহযাত্ৰী আছিলো সেই হে মই ভাগ্যবান ।

 চেলোট দি শ্ৰদ্ধাঞ্জলী জনাইছো শোঁকত মিয়মান হৈ।      
                   
    
       ◾উৎপল দাস              
বোকাখাত কুৰুৱাবাহী

Post a Comment

Previous Post Next Post