শৰৎ অহাৰ বাটত তুমি-এছ, ইছলাম

Rinku Rajowar
0
শৰৎ অহাৰ বাটত তুমি
এমুঠি জোনাকৰ জ্যোতি হৈ
ক'লা ডাঁৱৰৰ আৱৰণ ভেদি
দেখা দিবানে তুমি
নিয়ৰৰ মুকুতাৰ মালা হৈ
দুৱৰিৰ সেউজীয়া দলিচাত। 

শৰৎ অহাৰ বাটত তুমি
সুগন্ধি শীতল বায়ুৰ পৰশহৈ
আহিবানে বসুন্ধৰালৈ? 
কৃষকৰ সপোনবোৰ ৰঙীন কৰিবলৈ
মৃদু মলয়াত কঁহুৱা ফুলবোৰ হালেজালে
তোমাক আদৰণি জনাবলৈ। 

শৰৎ অহাৰ বাটত তুমি
আহিবানে আকৌ
শেৱালি হাচনাহানা ফুলহৈ? 
ক'লা ডাঁৱৰৰ এজাক বৰষুণে 
সজীৱ কৰি তোলে সেউজী ধৰণীখন
বাট পথ ক্লেদমুক্ত কৰে। 

শৰৎ অহাৰ বাটত তুমি
ঘন কুঁৱলীয়ে আগুৰি ধৰা
গোটেই আকাশখন
মুক্ত কৰিবলৈ
তুমি আহিবানে মোৰ কাষলৈ?

◾এছ, ইছলাম 
বৰপেটা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)