শূণ্যতা খিনিয়েই পালো ,
ভৱাটো নাছিলো
কোলাহল সমাপ্তি মানেই
শূণ্যৰ অৱস্থিতি ।
জনাটো নাছিলো
পূৰ্ণতাৰ আৱাহনত ডুব যায়
হেঙুলি আভাসৰ মুক্ত হাঁহি ।
এয়াইতো জীৱন নহয়
প্ৰাপ্তিৰে পূৰ্ণতা, হাঁহিৰেই জীৱন ।
তেন্তে কেতিয়াবা
উদ্ভট যেন কিয় লাগে জীৱনটো ?
আজি সফল হোৱাৰ সন্ধানত
ব্যক্তিত্ত্বক হেতালি খেলি
মৰুভূমিৰ অৰণ্য সাজিলো ,
কাৰ বাবে
নিজৰ নে ভৱিষ্যতৰ ?
অ কেতিয়াবা সপোনৰ তাৰনাত
বিলাসীতাক আমন্ত্ৰণ কৰোঁ
ভুল বুলি জানিও ।
কিন্তু আজি জীৱন্ত পৰিধি হোৱা
হেঁপাহ জাগিছে ,
য'ত স্থিৰতা কোনো অৱকাশ নাথাকিব ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ