স্বাধীনতা-বিটুমনি কোঁছ

Rinku Rajowar
0
অসমীৰ আইৰ বুকুত
পালিত হোৱা অজলা
স্বাধীনতাই আজিও বুজি
নেপালে স্বাধীনতা মানেনো কি?
সেয়েহে বুকুখন ভাঙি-চিঙি যোৱা কিছুমান
বেদনা হৃদয়ত লৈ স্বাভিমানী হৈ
হাঁহি হাঁহি বিজয়ৰ ধ্বজা তিৰংগা উৰুৱাই।
অসমী আইৰ বুকুত 
হেজাৰ জীয়া দুখৰ
কাহিনীৰ সাক্ষী অজলা
অসহায় বাকহীন স্বাধীনতা।
জীয়াই থকাৰ যান্ত্ৰনাত
মৌনতা হৈ ৰয় বিক্ষোভৰ দুৱাৰ দলিত।
স্বৰাজোত্তৰ পয়সত্তোৰ বছৰতো
স্বাধীনতা দলিল হয়
ৰাজদৰবাৰত।
সেয়েহে প্ৰাপ্যৰ পৰা বঞ্চিত 
অসহায় জনতাৰ হেজাৰ দুখতো
বিজয়ৰ ধ্বজা উৰুৱাই কয়,
জয় হিন্দ।

◾বিটুমনি কোঁছ
ধেমাজি (মাছখোৱা)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)