স্বাধীন নে-যদুমণি দাস

Rinku Rajowar
0
এটি দুটিকৈ আকৌ এটি দিৱস আহিল
স্বাধীনতা দিৱস 
হয় ৭৫ তম স্বাধীনতা দিৱস
কিন্তু স্বাধীন নে এই দেশ ?
তেতিয়া বিদেশীয়ে স্বাধীনতাত হস্তক্ষেপ কৰিছিল
আৰু এতিয়া দেশ শাসন কৰা নামত 
ভেঙুচালি দেখোৱা দুৰ্নীতিবিদে ।
ক'ব পাৰি নে
স্বাধীন এই দেশ, মুক্ত নে দুৰ্নীতি,
সুৰক্ষা নে মাতৃভূমি ?

অ স্বাধীনতা নামত হাজাৰ হাজাৰ
জয়গান প্ৰতিধ্বনিত হৈছে
কিন্তু জয় হৈছে  নে আধুনিক সভ্যতাৰ
এই মানৱলোক ?
ক'তা , আজিও দেখোন পূৰ্ণতা পোৱা নাই 
এই দেশ, এই মাটিৰে ।

আজি জাতি-মাটি , ধৰ্ম, আদিতে 
ওলমি ৰ'ল সমস্যাবোৰ ।
নাই কোনো সমীধান !
তেন্তে এই দেশ কি ?

আজি তিৰঙ্গা বুকুত দাগ 
উত্তপ্ত কেচা তেজৰ দাগ 
কিহৰ বাবে, কাৰ বাবে
এই দেশ, এই মাটি বাবে নহয় জানো ?
স্বাধীন এই দেশ ........

◾যদুমণি দাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)