ভোকৰ জুইকুৰা নিৰ্বাণৰ বাবে প্লাষ্টিকৰ বটল বিচাৰি ঘূৰি ফুৰা লুটুকণে হঠাতে বাটৰ কাষৰ ৰাজহুৱা জাবৰৰ দম'টোৰ মাজত চেপেটা খাই সোমাই থকা ত্ৰিৰঙ্গাখন তুলি আনি প্ৰণাম এটা কৰি আল্ফুলে সি তাৰ ফটা পেণ্টটোৰ জেপত ভৰাই থ'লে।
যোৱাকালি লুটুকণৰ বস্তিৰ কাষৰ ফিল্ডখনত কেইগৰাকীমান মান্য ব্যক্তি আহি এনেকুৱা এখন ত্ৰিৰঙ্গা উত্তোলন কৰি স্বাধীনতা দিৱসৰ ওপৰত বক্তৃতা দিছিল।কিন্তু তাৰ মাজতে লুটুকণে চিঞৰি কোৱা কথাষাৰতহে মান্য ব্যক্তিসকলে লক্ষ্য কৰিলে যে পতাকাখন ওলোটাকৈ উত্তোলন হ'ল।
◾মনস্বিনী শৰ্মা,শিৱসাগৰ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ