🔴১৯৩৬ চনৰ আজিৰ দিনটোতে একাদশ গ্ৰীষ্মকালীন অলিম্পিক এডল্ফ হিটলাৰে বাৰ্লিনত শুভাৰম্ভ কৰিছিল।
🔴১৯৪৪ চনৰ আজিৰ দিনটোতে এন ফ্ৰাংকে শেষ বাৰৰ বাবে ডায়েৰী লিখে।
🔴১৯৫৩ চনৰ আজিৰ দিনটোতে ফিডেল কাষ্ট্ৰ'ক কিউবাত গ্ৰেপ্তাৰ কৰা হৈছিল।
🔴১৯৫৭ চনৰ আজিৰ দিনটোতে নেচনেল বুক ট্ৰাষ্ট গঠন হৈছিল।
🔴১৯৬৫ চনৰ আজিৰ দিনটোতে ধেমাজি জিলাৰ আটাইতকৈ পুৰণি মহাবিদ্যালয় ধেমাজি মহাবিদ্যালয় স্থাপন কৰা হৈছিল।
🔴১৯৭১ চনৰ আজিৰ দিনটোতে এপ'লো-১৫-ৰ মহাকাশচাৰীসকলে ফলেন এষ্ট্ৰ'নট নামৰ এলুমিনিয়ামেৰে নিৰ্মিত মহাকাশ-যাত্ৰাৰ পোছাক পিন্ধা অৱস্থাত মহাকাশচাৰী এগৰাকীৰ এক ভাস্কৰ্য চন্দ্ৰপৃষ্ঠৰ মনছ হেড্লি বা হেড্লি ৰিলে নামৰ ঠাইত স্থাপন কৰে।
Tags:
আজিৰ দিনটোৰ বিশেষত্ব