মোৰ উশাহৰ গান-ৰেণু শৰ্মা

Rinku Rajowar
1
মই আকৌ আহিম
দুবৰিবনৰ মুকুতা বুটলিবলৈ
মই আকৌ আহিম 
ৰ'দৰ জুনুকা পিন্ধি
নাচি থকা
জুৰিটিৰ কাষলৈ
অৰণ্যত হো হোৱাই থকা বতাহৰ ঘ্ৰাণ ল'বলৈ
আকৌ আহিম মই
তোমাক বিচাৰি ল'বলৈ
লুইতৰ পালতৰা নাৱত উঠি 
তোমাৰ সতে পাৰি দিবলৈ
এই দেশৰ মাটিৰ
মৰমী গোন্ধ 
প্ৰাণ ভৰি ল'বলৈ
গছৰ ডালত কুৰুলিয়াই থকা
সোণপখীহঁতৰ লগত
সিহঁতৰ সুৰতে সুৰমিলাই গীত গাবলৈ
মোৰ দেশৰ নদী, মাটি পানী আৰু বতাহ মোৰ উশাহৰ গান হৈ বাজি ৰ'ব জনমে জনমে
মই আহিম নদীত বান হৈ  মানুহৰ সমাজৰ কলংকৰ দাগ গুচাবলৈ
মলয়া বতাহ হৈ 
দীনহীনৰ প্ৰাণত 
শান্তিৰ চোঁৱৰ
 বুলাবলৈ
মই আকৌ আহিম 
তুমি শুনিবানে 
মোৰ উশাহৰ গান? 

◾ৰেণু শৰ্মা ,ডিব্ৰুগড়

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

  1. নীল প্ৰজাপতি4 August 2022 at 19:15

    অপুৰ্ব।

    ReplyDelete
Post a Comment