মাজে সময়ে আহিবি আমাৰ ঘৰলৈ ,
দুয়ো খোজ কাঢ়িম অলপ দূৰলৈ
দুয়ো কথা পাতিম ,
জীৱন যুদ্ধৰ প্ৰস্তুতিৰ কথা ।
আগবাঢ়িম
নৈপামৰ সিটো পাৰলৈ
তাৰ পাৰত বহি শুনিম জীৱনৰ গান।
জীৱন বাটত আগুৱাই গৈ
ঘূৰি চাওঁ যন্ত্ৰণাবোৰ,
নিৰৱছিন্ন আৱেগ বোৰ
ডাৱৰে লুকুৱাই
এন্ধাৰটো জিলিকে নিয়ৰকনাৰ আৱেগ ৷
কেতিয়াবা নিজান বনত
বহি উচুপি উচুপি
আকৌ কেতিয়াবা স্তব্ধ হৈ
চিঞৰি কান্দিব মন যায়
কিন্তু নোৱাৰো।
জীৱন যুদ্ধত আজি মই অৱশ
হতাশা,ভাগৰ আৰু পৰাজয়ৰ গ্লানিয়ে
চাৰিওকাষে আৱৰি ধৰিছে,
জীৱনটো বৃক্ষহীন পাহাৰৰ দৰে
ক্ষয়ী হব ধৰিছে,
কঠিন হৈ আহিব ধৰিছে
পৰিয়ালৰ সমস্ত বোজাৰ লগতে
নিজৰ ভৱিষ্যত ৷
জীৱন যুদ্ধৰ প্ৰস্তুতি
নিতৌ কৰি আহিছো ,
আজি যে যুদ্ধত যুঁজি যুঁজি
ভাগৰুৱা হৈ পৰিছোঁ
হাতত অস্ত্ৰ থাকিও যেন মই নিৰস্ত্ৰ।।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ