.......লাজৰ আৰত লুকাই থকা মৰম, ভাল পোৱা, আবেগ আৰু অনুভূতি। আৰু তেতিয়াৰ পৰাই দুয়ো প্রথম চিনাকি হলো ।এনেদৰে বহু দিন আগবাঢ়ি গলো।কিন্তু সময়ৰ গতিত চিনাকি বোৰ আজি অচিনাকি হৈ গ'ল ।নাজানো কেতিয়া বিছাৰি পাম আকৌ সেই চিনাকি । অভিমান বোৰেও আতৰি গ'ল যেন চিনাকি বোৰক এৰি অচিনাকি হব ............আকৌ ঘূৰি আহিবা জানো অচিনাকি বোৰক সেই চিনাকি কৰিব.......আকৌ আহিবা জানো অচিনাকি মৰম, অভিমান বোৰক চিনাকি কৰিব.................আৰু সেই হেৰাই যোৱা অচিনাকি বোৰক চিনাকি হব বুলি ভাবোতে মোৰ খেলি মেলি লাগিল ,আৰু মৰম বোৰৰ অপেক্ষাত ৰওতে হৃদয়ত
আওল লাগিল ,কিন্তু তোমাৰ বাবে অলপ নৰম হবলৈ লওঁতে আমাৰ মাজৰ সাকো খন ভাগি পৰিল ...সকলো আবেগ, মৰম, ভাল পোৱা তাতে সীমাবদ্ধ হৈ ৰ'ল। আৰু মই নিজে নিজৰ বাবে সাঁথৰ হৈ ৰলো। আকৌ কেতিয়া হব আমাৰ সেই অচিনাকি বোৰ চিনাকি .......অচিনাকি বাটেদি আহিছিলো তুমি আৰু মই ....সেই বাটে দি গুছি গ'লা এদিন... বতাহত ৰৈ গ'ল ভাল লগা সুবাস এটি , অতিকৈ আপোন .......আৰু অচিনাকি হৈ আহিও কোনেও নজনা কৈ, কোনেও নেদেখাকৈ হিয়াৰ সাফৰ খুলি সোমোৱা দুখ বোৰ সংগোপনে আহি কুটি কুটি খাই পেলালে, আৰু হেতালি খেলে জীৱনৰ লগত । তুমি যে মোৰ কাষলৈ আহি আকৌ আতৰি গলা .....মই
স্তব্ধ হৈ পৰিলো ..... আৰু তুমি মোৰ সকলো খিনি লৈ গলা .........।।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ