যথাৰ্থ- আব্দুল কাদেৰ মিঞা

তুমি , মই , সকলোৱে
ফুৰিছো
 মিছা মায়াৰ পিছে,
কালি আছিল যি স্বপ্নৰ মাজত
আজি সি মাটিৰ তলত।
সূৰ্য্যই তথাপিও পোহৰ দিয়ে
গছৰ পাতে বতাহ দিয়ে,
যি গৈছে সকলো এৰি
তাৰ কাৰণে কিবা থমকি আছে নে ?
তথাপিও সকলোৱে ৰৈ আছে।
এই মৰতৰ মিছা মায়াত
কোনে কিমান কষ্ট দিলে
কোনে কিমান ভাল পালে।

Post a Comment

Previous Post Next Post