আজি ইমান কৃষ্ণচূড়া ?
সেউজীয়া পাতৰ বুকু উপচাই
আকাশত জুই জ্বলাই,
থোপা-থোপে
কিয় ইমান কৃষ্ণচূড়া !
কৃষ্ণচূড়া ফুলিলেই কান্দি উঠে
মোৰ ৰিক্ত হৃদয়ে,
কৃষ্ণচূড়া ফুলিলেই এই ৰিক্ত হৃদয়ত অনুভব কৰোঁ
আপুনি নামৰ চিনাকি-অচিনাকি উশাহৰ অভাৱ,
তথাপি মোৰ প্ৰিয় কৃষ্ণচূড়া
আৰু
আপুনি নামৰ সেই চিনাকি-অচিনাকি উশাহৰ সুবাস ।
✍️বনশ্রী শৰ্মা
বি. বৰুৱা মহাবিদ্যালয়
প্ৰথম ষান্মাসিক, অসমীয়া বিভাগ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ