মানসপটত সাঁচ থৈ যোৱা সুধাকণ্ঠৰ সেই চাওঁতালী গীতৰ কলিটি - ৰমেশ চন্দ্ৰ চৰেণ

বিশ্ববন্দিত, ভাৰতৰত্ন, অসম গৌৰৱ সুধাকণ্ঠ ড°ভূপেন হাজৰিকাই ৰচনা কৰা এফাঁকি চিৰযুগমীয়া গীত "মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ, কত যুগ ধৰি আহিছে প্ৰকাশি সমন্বয়ৰ অৰ্থ" ৷সমন্বয়ৰ প্ৰতীক ড°ভূপেন হাজৰিকা বুলি কলে বঢ়াই কোৱা নহ’ব ৷সুধাকণ্ঠ ড°ভূপেন হাজৰিকা মাথো এটি নাম নহয় ৷অসমীয়াৰ জীৱন্ত প্ৰাণ স্বৰূপ বিশাল এক অনুষ্ঠান ৷এই বিশাল অনুষ্ঠানৰ মাধ্যমতেই প্ৰাণ পাই উঠে অসমৰ জাতীয় সত্বা ৷অসম তথা ভাৰত অতিক্ৰমী মানুহৰ আৰ্থসামাজিক সংস্কাৰ সাধনৰ কাৰণে গীত গাই দপদপাই থকা এক বিশাল প্ৰতিভা ৷বহুধাবিভক্ত ব্যক্তিত্বৰ আকৰ ,দুৰন্ত গতিত পাহাৰ-ভৈয়াম একাকাৰ কৰিব বিচৰা সুধাকণ্ঠৰ গীতবোৰ আদৰ্শগতভাবে অসমৰ দিব্য উপহাৰ স্বৰূপ ৷স্বৰচিত গীতবোৰৰ শব্দ নিৰ্বাচন আৰু প্ৰয়োগ বিস্ময়কৰ ৷সুধাকণ্ঠৰ গীতবোৰত একো একোটা মনোৰম জীৱনশৈলী সন্নিৱিষ্ট হৈ আছে ৷বিশ্ব সংস্কৃতিৰ চিৰ উজ্জ্বল স্বৰূপ এই মনোৰম গীতবোৰ অসমৰ বাবে অমূল্য সম্পদ ৷গীতবোৰৰ ভাষা আৰু বিষয়বস্তুৰ মহত্বই সকলো শ্ৰেণীৰ লোককেই আকৰ্ষণ কৰিব পৰা গুণৰ অধিকাৰী আছিল ভূপেনদা ৷লোক সংস্কৃতিৰ গৱেষক সুধাকণ্ঠই বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত মৰম, চেনেহ, ভ্ৰাতৃত্ববোধ আৰু একতাৰ ডোলেৰে সমন্বয়ৰ সেতু গঢ়ি তোলাৰ প্ৰয়াস কৰিছিল ৷বড়ো,মিছিং,তিৱা, ৰাভা,কাৰবি,আহোম,গাৰো, আদিবাসী,নেপালী, চাওঁতালী, বেঙ্গলী,ভোজপুৰী,কোচ, কলিতা,হিন্দীভাষীকে ধৰি বিভিন্ন জাতি-জনগোষ্ঠীক সাঙুৰি গীত গাই মানৱ জীৱনলৈ জাতীয় চেতনা,মানৱতা, আৰু সমাজ সংস্কাৰৰ এক বাৰ্তা প্ৰেৰণ কৰিছিল ৷অসমৰ কেঁচা মাটিৰ গোন্ধ থকা জাতীয় চেতনাবোধ আৰু সত্বাক সঠিক ৰূপত উপস্থাপন কৰি অসমৰ ইমুৰৰ পৰা সিমুৰলৈ বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত সমন্বয়ৰ সেতু গঢ়ি তুলিছিল ৷সমন্বয়ৰ যাত্ৰাৰ সকলো শ্ৰেণীৰ জাতি-জনগোষ্ঠীক সমানেই প্ৰাধান্য দি আহিছিল সুধাকণ্ঠ গৰাকীয়ে ৷ব্যক্তিক্ৰম হোৱা নাছিল চাওঁতাল জনগোষ্ঠীও ৷সুধাকণ্ঠই চাওঁতালীসকলৰ চহকী সংস্কৃতিৰ মেটমৰা ভঁৰালৰ উমান পায়েই বিভিন্ন সময়ত চাওঁতালী জনগোষ্ঠীৰ লোক-সংস্কতিৰ ,জীৱন- যৌৱন আৰু সৌন্দৰ্যক গীতৰ যোগেদি প্ৰকাশ কৰি আহিছে ৷আদিবাসী চাহ শ্ৰমিকৰ লগতে চাওঁতালী সকলেও ভাদৰ মাহৰ একাদশী তিথিত কৰম উৎসৱ আড়ম্বৰতাৰে উদযাপন কৰি আহিছে ৷এই উৎসৱভাগত চাওঁতালী সকলৰ সাংস্কৃতিক দিশৰ অভিন্ন সম্বল স্বৰূপ "মাদল"ৰ তালত গীত নৃত্যৰ প্ৰাণ প্ৰাচুৰ্যতা প্ৰকাশ পায় ৷মাদলৰ তালত চাওঁতালী গাভৰুৰে কৰম নৃত্য কৰে ৷সুধাকণ্ঠই এফাঁকি গীতেৰে এনেদৰে তুলি ধৰিছিল .....৷ভাদৰ মাসেৰ ধম্ ধমা ধম্ কৰম পুজাৰ ধম্ ধমা ধম্ মাদল চাওঁতালী ৷ইয়াৰ উপৰিও সুধাকণ্ঠই ভৰ যৌৱনা চাওঁতালী গাভৰুৰ প্ৰেমৰ স্বৰূপ গীতৰ মাজেৰেই প্ৰকাশ কৰিছিল ৷গোৱালপাৰা জিলাৰ অন্তৰ্গত ৰূপচী নৈৰ পাৰৰ কৃষ্ণকলি চাহ বাগিচাৰ সেউজ সন্মোহিত পৰিবেশ ৷ভৰিত ঝুমকা পৰিহিতা চাওঁতালী গাভৰুৰ ৰূপৰ বৰ্ণনা এইদৰেই কৰিছিল ......ৰুম ঝুম নেপুৰ বজাই /ঝুম ঝুম ঝুমকা কঁপাই/ৰূপচী নৈৰ পাৰেদি/কোন চাওঁতালী গাভৰু যায় ৷প্ৰেম নিবেদন কৰিব বিচৰা কৃষ্ণকলি চাহ বাগিচাৰ কৃষ্ণাই নামৰ পাহোৱাল যুবকজনে চাওঁতালী গাভৰুৰ প্ৰেমত পৰা বৰ্ণনাও গীতৰ মাজেৰে প্ৰকাশ কৰিছিল ......"কৃষ্ণকলিৰ কৃষ্ণাই /বুকুৰ মৰম জনাই/জিলমিল জিলমিল পানীতে/তাইক আকোঁৱালি ধৰিলে ৷আনহাতে ধনী-দুখীয়া, উচ্চ-নীচ আৰু জাতিভেদৰ মনোভাৱ পৰিহাৰ কৰি এখন সুন্দৰ সমাজ গঢ় দিয়াৰো পোষকতা কৰিছিল সুধাকণ্ঠ গৰাকীয়ে ৷সেয়েহে আদিবাসী চাহ শ্ৰমিক আৰু চাওঁতালী সকলৰ স্বাভিমান আৰু সংস্কৃতিৰ প্ৰতীক স্বৰূপ "মাদল"ৰ ধ্বনিত সকলোকে একত্ৰিত হোৱাৰ আহ্বান জনাইছিল ৷নতুন ভাৱ চিন্তাৰে সমাজ গঢ়াৰ কথা সোঁৱৰাই দিছিল এই গীতৰ মাজেৰে ...."ধম্ ধমা ধম্ ধম্ ধমা ধম্ জীৱন মাদল বাজে/আজি নতুন নতুন মানুহ নতুন ভাবে সাজে" ৷আন এটি গীতেৰে সাংস্কৃতিক তথা স্বাভিমানী একতাৰ প্ৰতীক "মাদল"ৰ ধ্বনিত অপশক্তি তথা অপসংস্কৃতি ৰূপী পিশাচে যাতে আদিবাসী সকলৰ মাজত গা কৰি উঠিব নোৱাৰে তাৰ বাবে গীত এটিৰে বৰ্হিঃপ্ৰকাশ ঘটাইছে এইদৰে .....নতুন তুফান আহিলে/হেজাৰ মাদল বাজিলে /সেই মাদলৰ সাহস দেখি/পিশাচো পলালে ৷এইদৰেই সুধাকণ্ঠই নিজক কণ্ঠৰ গীতৰ কলিৰে চাওঁতালী জনগোষ্ঠীক উদ্বুদ্ধ কৰাত আজিও তেওঁৰ মহানুভৱতাক শ্ৰদ্ধাৰে সোঁৱৰণ কৰি আহিছে চাওঁতাল জনগোষ্ঠীৰ লোকে ৷

✍️শ্ৰীৰমেশ চন্দ্ৰ চৰেণ
বিশ্বনাথ চাৰিআলি(বালিচাং)
মোঃ9435602425/9954834641

Post a Comment

Previous Post Next Post