প্ৰেমত পৰা বণিকক এতিয়া মাত নলগাবা -অভিজিত তামুলী

 আকাশত তুমি যি দেখি পাইছা সেইয়া নেদেখাৰ ভাও ধৰা
ভুলতো প্ৰশ্ন নকৰিবা, আনকি একো সুধিবলৈ নিবিচাৰিবা।
নিমাত হৈ যিদৰে দেখিছা তাকে চোৱা
নাইবা বোবা হৈ যোৱা
চাবওটো পাৰিছা নাইবা কিবা অনুভৱো কৰিছা
সেইয়া কিহৰ আখৈ ফুটিছে
মই ঠিকে বুজো হয়টো তুমি বুজিছা
মই তেওঁৰ কথাই কৈছো 
বগা সেনাপতিৰ মূৰত পাগুৰি দেখি তুমি আতংকিত নহʼবা
সাজ-পাৰ তেওঁ পিন্ধিব পাৰে শুকুলা বৰণ
কিন্তু ৰক্ত জবা ছিঙি কাৰো হৃদয় ভঙা নাই 
আনকি কাৰো বাখৰুৱা হৃদয় উদং কৰা নাই
পাৰা যদি বঠা মাৰা,মাৰিবটো জানা?
বালিৰ পথাৰত যেতিয়া জাহাজ চলে
তেওঁ কʼবওটো পাৰিলে হয় সেই জাহাজৰ মই নাবিক নহʼও
ভোকৰ ভাতত যেতিয়া খাছী বুলি পাঠা খুৱাই 
ডালি বুলি জিলিকি থকা হালধিৰ পানীকে খাই
তেওঁ কি বুজিব কাৰোবাৰ হৃদয় ভঙাৰ কৌশল।

এই নাবিকৰ মনত পখিলা উৰিছে 
পম খেদি বাটৰ বাটৰুৱা হৈছে
ডাৱৰত বগা ৰঙৰ সপোন সাজিছে
কোনোৱে প্ৰশ্ন কৰে আন কোনোৱে ৰৈ ৰৈ উপলুঙা কৰে
এই প্ৰেমত পৰা ডাৱৰক এতিয়া জোকাই নলবা।

      🖊️অভিজিত তামুলী,কটন বিশ্ববিদ্যালয়

Post a Comment

Previous Post Next Post