হাতত তিৰংগ পতাকা
মুখত বিৰিঙি উঠিছে
প্ৰাণখোলা হাঁহি।
সকলোৰে জয়ধ্বনিৰে মুখৰিত হৈছে ৰাজপথ
বন্দে মাতৰম, বন্দে মাতৰম।
লাচিতৰ দেশৰে বীৰ আমি
যুঁজিবলৈ যাঁও আহা সকলোৱে মিলি
জাতি ভেদ প্ৰথা আওকাণ কৰি
একতাৰ দোলেৰে বান্ধি
লাচিতৰ দেশৰে বীৰ আমি
আগুৱাই যাঁও, আগবাঢ়ি যাঁও।
মূলাগাভৰু কনকলতা দেশৰ
তেজাল গাভৰু আমি
যুঁজিবলৈ নকৰোঁ ভয় আজি
আগুৱাই যাম, আগবাঢ়ি যাম
দেশৰ হকে যুঁজি প্ৰাণ দি যাম
বন্দে মাতৰম বন্দে মাতৰম।
চাৰিওফালে দেখোঁ আজি
হত্যা আৰু দুৰ্নীতিৰ প্ৰকোপ
শংকৰ মাধৱে বান্ধি যোৱা
এনাজৰী কিয় ছিঙি গ'ল আজি
অহিংসাৰ সেই অমৰ বাণী
কোনেও নোসোঁৱৰে আজি
আমি আহিছোঁ আজি আগবাঢ়ি
নতুনকৈ দেশ গঢ়িম বুলি।
✍️দিপশিখা ৰাজকোঁৱৰ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ