স্বাধীনতা সংগ্ৰাম-বিশ্বজিৎ সূত

©Admin
0
স্বাধীনতা ! 
স্বাধীনতাৰ হকে যুঁজি থকা
অক্লান্ত সৈনিক আমি , 
জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে 
ঐক্য-সংহতিৰে পৰিপূৰ্ণ 
সোণোৱালী আমাৰ মাতৃভূমি । 
স্বদেশৰ নামত এটুপি তেজ দিব লাগিব
কঠোৰ সংগ্ৰাম কৰিব লাগিব
তেতিয়াহে আমি স্বাধীনতা পাম । 
সংগ্ৰামহীন জীৱনত
কেঁচা তেজৰ ফাকুৰে
আজি আকাশ ধুঁৱলি-কুঁৱলি । 
আজিও নহয় আমি স্বাধীন
আমাৰ নাই ব্যক্তি-স্বাধীনতা , 
নাই বাক-স্বাধীনতা , 
নাই নাৰীৰ সুৰক্ষা , 
চাৰিওফালে কেৱল হত্যা, লুন্ঠন, ধৰ্ষণ
এয়াই নেকি আমাৰ স্বাধীনতা 
আজি মানৱতাৰ অপমৃত্যু ঘটিছে
সাধাৰণ জনতা আজি পদে পদে
লাঞ্চিত-বঞ্চিত-শোষিত , 
দৰিদ্ৰতাই কোঙা কৰা নিঃসহায় জীৱন । 
সমাজৰ আজি উন্নতি নে অধোগতি , 
অপশাসন , দুৰ্নীতি ৰোধ হʼবনে ? 
স্বাধীনতাৰ জয়গান গাবনে ? 
আমাৰ জন্মভূমি আমাৰ গৌৰৱ
পৰাধীনতাৰ শিকলি ছিঙি
স্বাধীনতাৰ ধ্বজা উৰুৱাই
শান্তি-সম্প্ৰীতিৰ এনাজৰী বান্ধি
জাতীয় পতাকাক সন্মান কৰি
বিশ্বাস আৰু ত্যাগেৰে দেখুৱালে
আত্মমৰ্য্যদা আৰু আমাৰ ঐতিহ্য । 
মহা বিপ্লৱৰ অৱসান ঘটাই
শত-সহস্ৰজন বীৰ-বীৰাংগণাৰ
ত্যাগ আৰু বলিদানৰ বিনিময়ত
প্ৰকৃত স্বাধীনতা লভি
আজি মাতৃভূমিয়ে দেখিলে
ৰক্তিম সূৰুযৰ নৱ প্ৰভাত ।


                   ✍️ বিশ্বজিৎ সূত
            বালিজান, চতিয়া, বিশ্বনাথ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)