মোৰ মানুহজন ঘূৰি আহিল | খণ্ড ০১ | বিটুমনি কোঁছ

Rinku Rajowar
0
জয়াল ৰাতিবোৰৰ মৌনতা খিনিৰ লগত কুকুৰৰ বাকযুদ্ধ।আচৰিত ইমান বিকট চিঞঁৰবোৰ নিৰৱতাৰে সহ‍্য কৰি জিকি যায় মৌনতা।কুকুৰ কেইটাই লাজ পায় ,কু-কুৱাই নেজ জোকাৰি পিছ হুহূকি আহি বাৰাণ্ডাখনত শুই পৰিল।সদায় সদায় সিহঁতৰ এই খেলখনৰ সাক্ষী হৈ ৰ'লোঁ মই।
বুকুৰ মাজত সোমাই শুই থকা মোৰ দহ বছৰীয়া ল'ৰা বাবুয়ে টোপনিতে ফেঁকুৰি উঠিছে।দিনত মাকৰ লগত থেন-থেনাই থকা। মাংসৰ ভাত খাবলৈ লাগে।আনে খোৱা দেখিলে।বাপেকৰ বছৰেকীয়া যোৱাই নাই।মাছ-মাংস খাবলৈ নেপায়।এই কথাটোকেই কণমানি ল'ৰাটোৱে কেনেকৈ বুজিব।ৰীতি -নীতিৰে নিৰ্ধাৰণ কৰি দিয়া সমাজৰ পৰম্পৰাত 
শিল হৈ পৰা বুকুখন ভেদি এসোঁতা গৰম লোতক বৈ আহিল।

বাবুয়ে ভাত নোখোৱাকৈ শুলে।

বাহিৰৰ পৰা মোৰ মৃত স্বামী ৰমেনৰ মাত।মই সাৰপায় সপোন দেখিবলৈ লৈছোঁ নেকি?মোৰ অন্ত আত্মা কঁপি উঠিল।
বহুত দিনৰ মূৰত মোৰ মনৰ মানুহজনৰ মাতষাৰ শুনি মই স্থিৰ হৈ থাকিব নোৱাৰিলোঁ।লাগিলে সেয়া সপোনেই হওঁক।মই হুৱাহুৱে কান্দিবলৈ ল'লোঁ।

পুৰণি বিশ্বাস আৰু মূল‍্যবোধক আগস্থান দিয়া এই সমাজ খনৰ সময় নাই। মই আৰু মোৰ সন্তানে কেনেকৈ জীয়াই থাকিব লগা হৈছে।পৃথিৱীখনত ইমাননেই  দুখৰ পয়োভৰ যে, মোৰ দুখৰ কথা ক'বলৈ বা শুনিবলৈও কোনো নাই।

পুৱাই পঢ়া টেবুলত বহি বাবুয়ে মেকুৰী জনীৰ সৈতে খেলিবলৈ ল'লে।

পুৱাই-পুৱাই বাবু মেকুৰীৰ লগত খেলিব নেপায়।

মোৰ কথাত বাবুয়ে মেকুৰীজনী এৰি দিলে।মেকুৰীজনী বাহিৰলৈ ওলাই গৈ ভিতৰলৈ দৌৰি সোমাই আহিল।কিবা এটা দেখি তাই যেন ভয় কৰিছে।অস্বাভাৱিক তাই আচৰণ দেখি, বাহিৰলৈ ওলাই গ'লোঁ। বাহিৰত ল'ৰা এটা ৰৈ আছে।হাতত এটা টোপোলা। সি মোৰ হাতত টোপোলাটো দি তড়িৎ বেগে আঁতৰি গ'ল। মোৰ মেলা মুখ মেলাতেই থাকিল। কোন বা আছিল। মুখ খন দেখি নাপালোঁ। বহু দিনৰ মূৰত মাংসৰ ভাত খাবলৈ পায়, বাবুৰ মনটো সন্তোষ্ট হ'ল।

ৰাতিৰ শোৱা বিচনাত মই বাবুক বুজালোঁ। পাপা নাই। কিছুমান কথাৰ জেদ নধৰিবলৈ। বাবুয়ে ক'লে, মোৰ দেউতা আছে। মই দেখিছোঁ।

কি? ক'ত দেখিলি। মুখেৰে বু-বু বা-বা বকি বাবু টোপনি গৈছে।আকৌ এজাক চেঁচা বতাহৰ আগমন। লগতে এজাক কুকুৰৰ বিকট চিঞঁৰ।ঘৰটোৰ কাষে-কাষে কিবা এটা ঘূৰি ফুৰিছে।দিনত বাটেৰে যোৱা দুজনীমানে মোক  শুনাই গৈছে।

কি  আহে ,তোমালোকৰ ঘৰলৈ।ইমান কুকুৰে ভুকে।

 আনজনীয়ে ইতিকিং কৰি ক'লে, ৰাতি অহা আলহী।

বৰ অসহনীয় সিহঁতৰ কথাবোৰে মোক শোলে বিন্ধা দি বিন্ধিলে।

নিশা । মোৰ কাণত মানুহজনৰ মাত প্ৰতিধ্বনিহৈ আছে। বুকুখন ঢপঢপাবলৈ ধৰিলে।
নিশা মই বৰ অকলশৰীয়া।হুকহুকাই কান্দি থকা মোৰ  মানুহজনৰ মাত শুনি ৰৈ থাকিব নোৱাৰিলোঁ।একে জাপে বিচনাৰ পৰা নামি বাহিৰৰ  পালেহি।


আগলৈ...

◾বিটুমনি কোঁছ
ধেমাজি (মাছখোৱা)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)