হৰ ঘৰ ত্ৰিৰংগা-জুলহাছ আলী আহমেদ

Rinku Rajowar
0
হৰ ঘৰ ত্ৰিৰংগা পতাকা উত্তোলন কৰাৰ বাবে দেশবাসীক উদ্বুদ্ধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে এক বিশেষ কাৰ্যসূচী। দেশৰ স্বাধীনতাৰ ৭৫ সংখ্যক বৰ্ষপুৰ্তি উদযাপনৰ লগত সংগতি ৰাখি নিজৰ নিজৰ বাসগৃহত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ বাবে দেশবাসীক অনুপ্ৰাণিত কৰিবলৈ অচিৰেই 'হৰ ঘৰ ত্ৰিৰংগা’ শীৰ্ষক ৰাষ্ট্ৰজোৰা অভিযান আৰম্ভ কৰিব কেন্দ্ৰীয় চৰকাৰে। আজাদী কা অমৃত মহোৎসৱৰ অংশ হিচাপে সাংস্কৃতিক মন্ত্ৰ্যালয়ৰ অধীনত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। ভাৰত তথা ভাৰতবাসীৰ বাবে ত্ৰিৰংগা পতাকা হৈছে ৰাষ্ট্ৰীয় গৌৰৱৰ প্ৰতীক আৰু এই জাতীয় পতাকাক সন্মান জনোৱাৰ বাবে 'হৰ ঘৰ ত্ৰিৰংগা’ কাৰ্যসূচী ৰূপায়ণৰ পৰিকল্পনা হাতত লোৱা হৈছে। সমগ্ৰ দেশৰ চুকে-কোণে অৰ্থাৎ গাঁৱে-ভূঞে, চহৰে-নগৰে সৰ্বত্ৰে ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ বাবে ভাৰতীয়সকলক উৎসাহিত কৰাই এই অভিযানৰ লক্ষ্য। ইফালে কেন্দ্ৰীয় চৰকাৰৰ এই 'হৰ ঘৰ' ত্ৰিৰংগা কাৰ্যসূচী গ্ৰহণ কৰাৰ সময়তে ৰাজ্যবাসীলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানঃ এইবাৰ এনআৰচিত নহয়, ত্ৰিৰংগা পতাকা উত্তোলন কৰি ভাৰতীয়ৰ প্ৰমাণ দিব লাগিব দেশমাতৃৰ সন্তানে। হয়, ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ সকলোকে নিজৰ নিজৰ গৃহত ভাৰতীয় জাতীয় পতাকা উত্তোলন কৰিবলৈ আহ্বান জনাই এইদৰে কয় ড০ হিমন্ত বিশ্ব শৰ্মাই। ওদালগুৰিৰ এক অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে, এইবাৰ "এনআৰচিৰ কাৰ্যালয়ত নহয় বৰঞ্চ ভাৰতৰ ত্ৰিবৰ্ণৰঞ্জিত পতাকা উত্তোলন কৰিহে ভাৰতীয়ৰ প্ৰমাণ দিব লাগিব ভাৰত মাতাৰ সন্তানে। দেশ ভক্তৰ প্ৰমাণ দিবলৈ প্ৰতিজন ভাৰতীয়ই ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ সকলোৱে নিজৰ নিজৰ ঘৰ, দোকান, অনুষ্ঠান-প্ৰতিষ্ঠানত আদিত উত্তোলন কৰিব লাগিব দেশৰ মান-স্বাভিমান গৌৰৱৰ প্ৰতীক ত্ৰিৰংগা পতাকা। কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা পন্থা আৰু অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান সচাকৈয়ে শলাগনীয়। প্ৰসংগত য়ে, ভাৰতীয়ই যদি স্বদেশীয় পতাকাৰ মান-সন্মান অনুধাৱণ নকৰে তেন্তে কোনে কৰিব? যিখন পতাকাক দেশৰ আকাশে-বতাহে উৰুৱাবলৈ অগণন ভাৰতীয়ই নিজৰ প্ৰাণ আহুতি দিছিল। অনেকেই ইংৰাজৰ হাতত নিদাৰুণ যন্ত্ৰণা সহিব লগীয়া হৈছিল। জেল-হাজত ভৰি পৰিছিল জাতীয় পতাকাধাৰী স্বাধীনতাকামী ভাৰতীয় লোকেৰে। দিল্লীৰ পৰা গুজৰাট আৰু গুজৰাটৰ লাহোৰলৈ এনেকুৱা এটা গছ বাকী নাছিল য'ত কোনো এজন স্বাধীন ভাৰতৰ স্বপ্নদ্ৰষ্টাক ফাঁচী দিয়া হোৱা নাছিল। আজি সেইসকল ভাৰতীয় পতাকা বাহক তথা স্বাধীনতা সংগ্ৰামী সৈনিকসকল পাহৰণিৰ গৰ্ভত। যিসকলে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি আমাক পৰাধীনতাৰ গ্লানিৰ পৰা মুক্ত কৰি বিশ্বৰ সৰ্ব সুন্দৰতম পতাকা উপহাৰ দিলে আজি লেই ত্ৰিৰংগা পতাকাক হৰ ঘৰত উত্তোলন কৰা হ'ব ইয়াতকৈ ভাল খৱৰ আৰু কি হ'ব পাৰে? কেন্দ্ৰীয় চৰকাৰৰ হৰ ঘৰ ত্ৰিৰংগা অভিযানক সন্মান আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই সৰ্বস্তৰৰ নাগৰিকে ত্যাগ, শান্তি আৰু প্ৰগতিৰ ধ্বজা বহনকাৰী ত্ৰিবৰনীয়া জাতীয় পতাকাক সগৌৰবে নিজৰ নিজৰ উত্তোলন কৰি চ্যেলুট জনোৱা উচিত।—



◾জুলহাছ আলী আহমেদ
জাগীৰোড, মৰিগাঁও (অসম)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)