দয়া | অণুগল্প | যমুনা দুলু বৈশ্য

Rinku Rajowar
0
কুৱঁলীয়ে আৱৰা শীতকালৰ শান্তপৰিবেশৰ পথত অন্তৰিক্ষাই  সদায় খোজ কাঢ়ে।  তাই দেখা পালে  তিনি-চাৰিবছৰীয়া  বয়সৰ পথৰ কাষত এজনী কণমানি ছোৱালীয়ে কান্দি , কান্দি কঁপি বহি আছে। অন্তৰিক্ষাই ওচৰলৈ গৈ তাইক মাতিলে “‌ কোন তুমি (?) কৰ পৰা আহিছা (?) তাই কান্দি আছে নামাতে। কেনেকৈ আহিলা ইয়ালৈ    কনমানিজনীয়ে  মুখেৰে উচ্চাৰণ কৰিলে মা, তুমি মোক কিবা খাব দিবা। খপকৈ অন্তৰিক্ষাৰ হাত খনত জোৰকৈ ধৰি আকৌ ক'ব ধৰিলে দিবানে খাব মোৰ বৰকৈ ভোক লাগিছে।
অন্তৰিক্ষা বুকুত মা শব্দটি শুনিয়ে আবেগেৰে ভৰি পৰিল।তাইৰ প্ৰতি মৰম , দয়া উপজিল। তাইৰ ঘৰলৈ আনি   স্কাৰ্ফ  খন মেৰিয়াই দি বিস্কুট , ৰুটি খাবলৈ দিলে।

◾যমুনা দুলু বৈশ্য
শুৱালকুছি।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)