বন্ধুত্বৰ এনাজৰী-সংযুক্তা দত্ত

Rinku Rajowar
0
বন্ধু শব্দটো শুনাৰ লগে লগে মনটো আনন্দত আত্মহাৰা হৈ যায়। কাৰণ বন্ধু বুলি সকলোকে ক'ব নোৱাৰি। অৱশ্যে বন্ধুৰ কোনো বয়স নাথাকে একে লগে পঢ়াশালীত পঢ়াজনেই যে বন্ধু হ'ব তেনে কোনো কথা নাই । বয়সতকৈ ডাঙৰ অথবা সৰু জনকো আমি বন্ধু বুলি ক'ব পাৰোঁ। বন্ধু হয়তো এখন কিতাপও হ'ব পাৰে যিয়ে কেৱল জ্ঞান দিয়ে আৰু সেই জ্ঞান কেতিয়াও অথলে নাযায়। সহপাঠী জনেই যে বন্ধু হ'ব তেনে কোনো কথা নাই। কিন্তু আমাৰ মনলৈ বন্ধু বুলি ক'লে কেৱল সৰুৰে পৰা একেলগে খেলা-ধূলা কৰা আৰু স্কুল কলেজত একেলগে পঢ়া লগৰ বোৰৰ কথাই মনলৈ আহে । কাৰণ আমি দিনটোৰ বেছি ভাগ সময় স্কুল  কলেজতেই পাৰ কৰোঁ। আৰু সময়খিনি তেওঁলোকৰ লগতেই কটাও। এই বন্ধুত্বৰ এনাজৰীডাল সুগভীৰ হয়। যি এটা মধুৰ সম্পৰ্কত বান্ধ খাই থাকে। বন্ধুত্ব সদায় অন্তৰেৰে কৰিব লাগে য'ত দয়া, মৰম , ক্ষমা, ভালপোৱা সোমাই থাকে।  প্ৰকৃত বন্ধু সেইজন হে যিজনে তোমাৰ ভুল টো ভুল বুলি ক'ব সাহসেৰে আৰু শুদ্ধটো শুদ্ধ বুলি। যিজনে তোমাৰ ভুল কৰ্মকো সদায় শুদ্ধ বুলিয়ে ক'ব সেইজন কেতিয়াও প্ৰকৃত বন্ধু হ'ব নোৱাৰে। কাৰণ এজন ভাল বন্ধুৱে নিজৰ বন্ধুজনকো ভাল হোৱাটোৱেই বিচাৰিব । ভালে থাকক সকলোৰে বন্ধু বান্ধৱী। বন্ধুত্ব এনাজৰী ডাল যাতে  মৰমেৰে বান্ধ খাই আজীৱন। 
         
 ✍🏻   সংযুক্তা দত্ত।  
    দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)