মোৰ শোৱনি কোঠাৰ ৱালঘড়ীটোলৈ
মই কেঁৰাহিকৈ চালো,
ইমানপৰে চিন্তাৰ সাগৰখনত ছট্ফটাই ফুৰা
মোৰ জঁটলগা মনটোক সি উদ্ধাৰ কৰিলে।
মই জানো সি মোৰ মনৰ খবৰ ৰাখে!
তাৰ কাঁটা তিনিডালৰ নিৰ্দেশটোতে ঘূৰি আছে
মোৰ পঁয়ালগা জীৱনচক্ৰ।
স্থিৰতাৰ মাজেৰেই তাৰ অপ্ৰতিৰোধ্য গতি।
তাৰ এই গতিৰ বাবেইটো কেতিয়াবা মই
গৈ থকা বাটত উজুটি খাওঁ,
জোনাকৰ আশাত থাকি আঁউসীক বিচাৰি পাওঁ।
তথাপিও মই তাক ভালপাওঁ,ৱালঘড়ী!
কাৰণ,পলমকৈ হ'লেও
সি মোৰ বাবে বাট দেখুৱায়
বিচৰাবোৰ দুহাতত তুলি দিয়ে।
আৰু যিদিনা সি ৰৈ যায়
সেইদিনা মোৰ খোজেও থৰ্কাচুটি হেৰুৱায়।
তাৰ অবিৰাম গতিতেই আওঁৰাও জীৱনৰ নেওঁতা।
ৱালঘড়ী!তোৰ গতিতেই মোৰ জীৱনৰ তটিনী।
◾মনস্বিনী শৰ্মা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ