“অ’ GST”
“ GST"?
“ আচৰিত এপ দেই। টাইপ কৰিছিলোঁ ইংৰাজীত, প্ৰিণ্ট আউত ওলাল অসমীয়াত। সাংঘাটিক দেই। দুদিন মানৰ পিছত চাহ মিঠাই বুলি টাইপ কৰিলে চাহ মিঠাই ওলায়েই আহিব”।
“চাহ? অঁ খাম আনিবলৈ কোৱা ।”
ক্ৰিংক্ৰিং ক্ৰিং.......।
চাহ খাই সি ৰং মনে ওলাই গৈছিল।
মাজে মাজে ওচৰৰ অফিচটোৰ লৰা এটাই কম্পিউটাৰৰ সৰু সুৰা দুই এটা কাম মোৰ ৰুমত থকা পি চি টোত কৰি নিয়েহি। আজিও আহিছিল। দিনটোত বানপানীয়ে বিভাগৰ কিবা ক্ষতি কৰিছে নেকি দিচি ক জনাবলৈ ইংৰাজীত টাইপ কৰিলে । প্ৰিন্ট দি উঠি মোক কিবা কৈছিল।কাণত নোসোমাল। ময়ো অলপ আগতে একেটা ৰিপৰ্টকে অসমীয়াত টাইপ কৰি প্ৰিণ্ট দিছিলোঁ। প্ৰিণ্ট নহ'ল। দুবাৰ মান ট্ৰাই কৰি ভাইৰাছক দোষ দি বেলেগ কাম মানে টেক্সৰ ফাইল এটা ধ্যান দি চাই আছিলোঁ।
*****
কেইদিনমানৰ পিছত সেইটো অফিচৰ অফিচাৰে মিটিং এখনত ৰগৰ কৰিছিল। ইংৰাজীত টাইপ অসমীয়াত প্ৰিণ্ট আউত। বাহ ৰে GST এপ।
****
◾দেৱ দাস।
তেজপুৰ।
দূৰভাষ নং ৯৪৩৫৩ ৮০৯২৬.
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ