যদি পাৰা- আশ্ৰিফা ইয়াছমিন

©Admin
0
সূৰ্যৰ প্ৰখৰ ৰ'দতো
যদি পাৰা তুমি কোমলতা বিচাৰিব,
বৰষুণৰ প্ৰতিটোপাল পানীত
যদি পাৰা তুমি সূৰ্য্যৰ উত্তাপ বিচাৰিব,
মলয়াৰ চেঁচা বতাহ জাকত
যদি পাৰা তুমি শুকান মৰুভূমিৰ অনুভৱ কৰিব,
মৰহা ফুল এটিত
যদি পাৰা তুমি প্ৰাণ বিচাৰিব,
কুৎসিত বস্তুবিধৰ মাজতো
যদি পাৰা তুমি স্বৰ্গীয় সৌন্দৰ্য বিচাৰিব,
হাঁহিৰে সকলোৰে হৃদয় জয় কৰা জনৰ হৃদয়ত
যদি পাৰা তুমি বিষাদৰ চেকুৰা বিচাৰিব,
অখাদ্যৰ মাজতো
যদি পাৰা তুমি অমৃতৰ তৃপ্তি বিচাৰিব,
তেন্তে তুমি মোৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)