হুমুনিয়াহবোৰৰ জলকেলি- জহিৰুল ইছলাম

কোনে কয় মই ভোকাতুৰ
থিয় দিব নোৱাৰাকৈ কামিহাড় ডালহে দূৰ্বল মোৰ ,
বাকী সব ঠিকেই আছে।

এই কেইদিন পাহৰি গৈছোঁ ভোকৰ যন্ত্ৰণা ,
পাহৰি গৈছোঁ দৈন্যতাৰ এৰালছিগা দৌৰাত্মত
বৃদ্ধ মা, নৰিয়া পিতৃৰ টেটুফলা চিঞৰৰ কথা ।
বাকী সব ঠিকেই আছে।

চাহিদাৰ তালিকাত সীমাহীন চাহিদা 
কিন্তু; পূৰাব পৰাকৈ পকেট যে তেনেই শূন্য ।
কেতিয়াবা ভয় ,কেতিয়াবা শংকাত 
অজানিতে নাচিছো ময়ো ,
গাইছোও ভোকৰ অৰণ্যত আজি প্ৰাপ্তিৰ জয়গান
কোনে জানে --!
কেতিয়া ভোকৰ অৰণ্যত গজি উঠিব মৰিশালিৰ
বিবৰ্ণ উদ্যান?
যাৰ ধোঁৱাত বিলীন হ'ব নশ্বৰ দেহা,
ছাই হ'ব মোৰ এঙেৰুৱা কলিজা।

1 Comments

Previous Post Next Post