পিছত জানো কিবা লাভ।
বুকুৰ বেদনা বুকুতেই পুৰিব
কলিতেই মৰহিব মনোমোহা ভাব।
মৰমে মনত বঢ়াই সাহ
প্ৰেমৰ পখীয়ে কলিজাত লʼলে বাঁহ।
সাগৰৰ ঢৌ বুকুত তোলে
দেহলৈ এজাক বলিয়া বতাহ বলে।
তোমাৰ দেখি মোৰ কিয় এনে হয়?
তোমাৰ দুচকুৱে মোক কিবা কয়।
বুজাব নোৱাৰা শিহৰণ মনত;
পাৰিজাত ফুলিল যেন মোৰ হৃদয় বনত।
চকু মুদি যে তোমাক দেখা পাওঁ
চকু মেলিলে তোমাৰ ছবিখনি চাওঁ।
বুজিব জানো বিচাৰিছা তুমি
কিয় মোৰ এনে হʼবলৈ ধৰে।
বুজাব নোৱাৰা বাবেই আজি
উজাগৰে নিশা চকুলো সৰে।
তোমাৰ পৰশে পাগল নকৰে;
মৰমে দহিছে মোক।
নিৰৱতাই মোক খাই খুলি খুলি;
ভিতৰি বাঢ়িছে শোক।
আতৰি থাকিব পাৰিম অকলেই
পাহৰি থকাহে টান।
তুমি নোহোৱা নকৰোঁ আমনি
নিবিছাৰোঁ ময়ো আন।
✍️আকাশ কুমাৰ মেধী, নগাঁও
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ