কলীয়া ডাৱৰৰ গ্ৰহণ লাগে।
লাহে লাহে নীলাবোৰ গ্ৰাস কৰি ক'লাবোৰ বিয়পি পৰে।
ক্ৰমান্বয়ে
ক'লাবোৰক আঁতৰাই জিলিকি উঠে এচমকা বিদ্ৰোহী ৰঙচুৱা জুইৰ শিখা।
লাহে লাহে জুইকুৰা নুমায়।
উত্তাপত গলি গলি ভাপ হোৱা মনবোৰৰ পৰা নিগৰে তেজৰ টোপাল।
প্ৰতিটো ক্ষণ নিৰৱচ্ছিন্নভাৱে নিগৰি থকা তেজৰ টোপালবোৰৰ বলত আৰু প্ৰবল সোঁত বলে বিদ্ৰোহী কপিলীত।
এইদৰেই কপিলীখন সদায় জীয়াই থাকে
জীয়া মানুহবোৰৰ সপোনভগা মনৰ মৃতদেহবোৰক বুকুত সামৰি।
জীয়া কপিলীখনৰ দৰেই মনৰ মাজতো নিৰৱে এখন
কপিলী বয়,
হেঁপাহৰ আশাবোৰক অনিচ্ছাকৃতভাৱে হত্যা
কৰা তেজৰ ৰঙেৰে।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ